টীয়ক, ১আগষ্ট : মিথ্যাচাৰৰ মাজেৰে চলিছে অসম চৰকাৰৰ জল সম্পদ বিভাগ। বাৰিষা অহাৰ লগে লগে তৎপৰতা দেখুৱা জল সম্পদ বিভাগে সমগ্ৰ খৰালি সময়চোৱা শুই বহি কটোৱা পৰিলক্ষিত হয়। যোৰহাট সংমণ্ডলৰ একাংশ বিষয়াৰ বাবে এতিয়া উজাগৰি নিশা কটাব লগীয়া হৈছে টীয়কৰ জাঁজী নদীৰ পাৰৰ বহু ৰাইজে। আঁচনি ৰূপায়নৰ নামত অৱন্টিত লাখ লাখ টকাৰে কেৱল জেপ গধূৰ কৰা এইসকল বিষয়া আৰু ঠিকাদাৰৰ বাবে জাঁজী নদীত বৃদ্ধি পোৱা সামান্য জলপৃষ্ঠই বৰালিমৰা অঞ্চলত থকা নদীখনৰ সোঁঅংশৰ মথাউৰিটোৰ এক অংশ খহি পৰে। অৱশ্যে নদীখনৰ জলপৃষ্ঠ আজি পুৱা কিছু হ্ৰাস পোৱাত এক নিশ্চিত বিপদৰ পৰা অঞ্চলবাসী ৰক্ষা পৰে যদিও ওৰে নিশা নদীপৰীয়া ৰাইজে উজাগৰি নিশা কটায়। লক্ষ্যণীয় বিষয় এই যে মথাউৰিটোৰ এক অংশ খহি যোৱাৰ পাছতো বিভাগৰ কোনো লোক উক্ত স্থানত উপস্থিত হোৱা নাই। স্থানীয় একাংশ যুৱকৰ পৰা ফটো সংগ্ৰহ কৰি সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ নামত আভুৱা ভৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।