ক্ৰীড়া সংবাদ,১ আগষ্টঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্থ গেমছত ভাৰোত্তোলকত ভাৰতীয় খেলুৱৈৰ দপদপনি ৷ ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে। কলকাতাৰ ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে পুৰুষৰ ৭৩ কিলোগ্ৰাম ভাৰোত্তোলনত ভাৰতৰ হৈ তৃতীয়টো স্বৰ্ণ জয় কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মালয়েছিয়াৰ এৰি হিদায়াত মহম্মদক পৰাস্ত কৰি শ্বেউলীয়ে আজুৰি আনে ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক ৷ শ্বেউলীয়ে ৩০৩ কিলোগ্ৰাম সংযুক্ত লিফ্টেৰে দ্বিতীয় শ্ৰেষ্ঠ ভাৰত্তোলক হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ কলকাতাৰ ভাৰত্তোলকগৰাকীয়ে ১৬৬ কিলোগ্ৰামেৰে আৰম্ভ কৰিছিল ৷ তেওঁ ক্লিন এণ্ড জাৰ্ক শাখাত মুঠ ১৩৭ কিলোগ্ৰাম, ১৪০ কিলোগ্ৰাম আৰু ১৪৩ কিলোগ্ৰাম উত্তোলন কৰি মুঠ ৩০৩ কিলোগ্ৰামৰ সৈতে খেল শেষ কৰে। ইয়াৰ পূৰ্বে কমনৱেল্থ গেমছত মণিপুৰৰ মীৰাবাঈ চানুৱে ৪৯ কিলোগ্ৰাম, মিজোৰামৰ জেৰেমি লালৰিনুঙ্গাই ৬৭ কিলোগ্ৰাম ভালত্তোলনত সোণৰ পদক লাভ কৰে।