হাটশিঙীমাৰী, ৪ আগষ্টঃ দক্ষিণ শালমাৰাত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ বেহা৷ বাংলাদেশলৈ সৰবৰাহ হৈছে অসমৰ চোৰাং গৰু৷ বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চল৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰায় প্ৰতিদিনে জব্দ কৰিছে বাংলাদেশলৈ সৰবৰাহ হোৱা চোৰাং গৰু ম’হ৷ ইফালে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰা গৰু ম’হ পুনৰ বাংলাদেশলৈ সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে, ২২ আগষ্টত দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত টুমনি গো শালাৰ পৰা বিক্ৰী গৰু নদী পথেৰে ৰাতি বাংলাদেশীলৈ সৰবৰাহ কৰিবলৈ লওঁতে ৰাইজে এটা গৰুসহ দুজন সৰবৰাহকাৰীক আটক কৰা ঘটনাই গো শালাৰ দুৰ্নীতি ফাদিল হৈছে৷
এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় গো সুৰক্ষা বাহিনীয়ে নাটকীয় ভাবে টুমনি গো শালাৰ দায়িত্বত থকা তিনিজন সদস্যক নিলম্বন কৰিছিল যদিও পৰবৰ্তী সময়ত পুনৰ দায়িত্ব দিয়ে বুলি জানিব পৰা গৈছে৷ গো শালাৰ গৰু চোৰাং ভাবে বিক্ৰী কৰাৰ অভিযোগত নিলম্বন হোৱা গো শালাৰ সদস্য সকল ক্ৰমে ৰাজেন চন্দ্ৰ দাস, গাজিবৰ ৰহমান আৰু নুৰ আলম সেখক৷ শেহতীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ সম্পাদক আমানুৰ উদ্দিন আহমেদে টুমনি গো শালাৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত বিচাৰি দাবী জনাইছে আনহাতে গো শালাৰ গৰুৰ মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়া চিকিৎসকৰ বিৰুদ্ধেও সন্দেহৰ আঙুলি আমানুৰ ৰহমানৰ৷ এতিয়া প্ৰশ্ন হয় আৰক্ষীয়ে কিয় বন্ধ কৰিব নোৱাৰে চোৰাং গৰুৰ অবৈধ বেহা ? নে গো শালাৰ আশীৰ্বাদতে চলিছে গৰুৰ চোৰাং ৰমৰমীয়া বেহা ? চি আই ডিৰ তদন্তৰ পিছত হে ওলাই পৰিব ইয়াৰ আচল ৰহস্য৷