ৰঙিয়া, ৪আগষ্টঃ ৰঙিয়াৰ মৰানজানাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গঞাৰ । আছে গৰু নাবাই হাল সেই গৰু থকাতকৈ নথকাই ভাল এই কথাষাৰে প্ৰমানিত কৰিলে মৰানজানাৰ পানী যোগান আঁচনিটোৱে। ঘৰে ঘৰে আছে নল কিন্তু নাই জল। স্বাধীনতাৰ ৭৫বছৰ পিছতো এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়াত অতিষ্ঠ মৰাজানাবাসী।

ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা মৰানজানাস্থিত পানী যোগান আঁচনি বছৰ বছৰ ধৰি বিকল হৈ আছে। ৰাইজৰ অভিযোগ অনুসৰি এই আঁচনিৰ নিৰ্মানকাৰ্য্য আধাৰুৱা কৰি দায়িত্ব সামৰিছে ঠিকাদাৰ গৰাকীয়ে। অতি শীঘ্ৰে বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ বাবে ৰাইজে বিভাগীয় কতৃপক্ষক দাবী জনাইছে।