লখিমপুৰ, ,৫ আগষ্ট : অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ চিৰসেউজ দুলুং সংৰক্ষিত বনাঞ্চলখন দিনক দিনে চোৰাং কাঠ মাফিয়া আৰু একাংশ অৰুণাচলী দুষ্কৃতিকাৰীৰ কবলত পৰি নিঃশেষৰ পথত আগবাঢ়িছে। এছিয়া বিখ্যাত চিয়া নাহৰ গছৰ বাবে বিখ্যাত এই বনাঞ্চলখন সংকোচিত হৈ অহাৰ ফলত ইয়াৰ জৈৱ বৈচিত্ৰৰ প্ৰতি একপ্ৰকাৰৰ তীব্র ভাবুকি আহি পৰিছে। এফালে চুবুৰীয়া ৰাজ্য অৰুণাচলী লোকৰ আগ্ৰাসন আৰু আনফালে বন মাফিয়াৰ দৌৰাত্ম্যৰ বাবেই ৯৯০০ বর্গ হেক্টৰৰ এই বনাঞ্চলখন সংকোচিত হৈ আহিছে। বন বিভাগেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নোৱৰাৰ ফলত দিনক দিনে বনাঞ্চলখন ধ্বংস হ’ব ধৰিছে। উল্লেখ্য যে দুলুং সংৰক্ষিত বনাঞ্চলখনৰ বহু মূল্যবান গছ-গছনিৰ লগতে এছিয়া বিখ্যাত চিয়া নাহৰ গছসমূহ এতিয়া একাংশ বন মাফিয়া তথা দুষ্কৃতিকাৰীয়ে কাটি তহিলং কৰা লগতে সেই গছৰ বৃহৎ বৃহৎ কুণ্ডাসমূহ অৰুণাচলৰ ভিতৰলৈ নি সেইবোৰ অৰুণাচল বন বিভাগৰ জৰিয়তে অক্সন কৰাই পৰৱৰ্তী সময়ত এই গছসমূহ কুণ্ডা আকাৰেৰে লখিমপুৰৰ বিভিন্ন কাঠৰ মিল তথা ডিপুলৈ সৰবৰাহ কৰি আহিছে। বন বিভাগৰ চকুৰ সন্মুখেৰেই এই গছৰ কুণ্ডাসমূহ বৃহৎ বৃহৎ ট্ৰাকৰ সহায়ত দুপৰ নিশা এনেদৰে বিভিন্ন মিল তথা ডিপুলে সৰবৰাহ কৰি আহিছে। লখিমপুৰ বন সংমণ্ডলৰ অধীনস্থ তথা পথালিপাম বন খণ্ডৰ অন্তৰ্গত আৰু কদম ৰাজহ চক্ৰৰ এই বনাঞ্চলখন বিভিন্ন অর্কিড, দুষ্প্রাপ্য জীৱ-জন্তুৰ বাবেও বিখ্যাত যদিও এই বনাঞ্চলখন এতিয়া প্রায় ৪০০০ হেক্টৰলৈ সংকোচিত হ’ব ধৰিছে। বনাঞ্চলখনৰ ভিতৰত চোৰাং চিকাৰী, বনদস্যুৱে নির্বিঘ্নে বন গাহৰি, জহামাল আদি বিভিন্ন জাতৰ সৰীসৃপ নিধন কৰি আহিছে। দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ ভাৱে দুষ্কৃতিকাৰীয়ে গছ কাটি তেনে গছ বা কুণ্ডাসমূহ হাতীৰ সহায়ত অৰুণাচলৰ ভিতৰলৈ নি অৰুণাচলৰ বন বিভাগক গতাই দি পৰৱৰ্তী সময়ত এই কুণ্ডাসমূহ বিভিন্ন টিপিৰ জৰিয়তে অসমৰ বিভিন্ন স্থানলৈ চালান দি অহা হৈছে। আনহাতে লখিমপুৰ বন বিভাগত পর্যাপ্ত বন কর্মীৰ লগতে আধুনিক অস্ত্ৰ শস্ত্ৰ অভাৱৰ বাবেও একপ্রকাৰে বনাঞ্চলখন নিঃশেষ হ’ব ধৰিছে। এই ক্ষেত্ৰত জিলা বন প্ৰাধিকাৰী গৰাকীক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা সচেতন লোকে আহ্বান জনাইছে।