মাৰ্ঘেৰিটা, ৫ আগষ্টঃ চৰকাৰে ৰাজ্যৰ বাট-পথৰ উন্নয়ণৰ কথা যিমানেই নকওঁক কিয় এতিয়াও ৰাজ্যৰ একাংশ ভিতৰুৱা গাঁৱৰ পথ জৰাজীৰ্ণ বোকাময় হৈয়ে আছে।মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তৰ দুই নং, আৰু তিনি নং ৱাৰ্ডৰ মাইচাংপানী গাঁৱৰ ৰাইজে এটি জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগিব লগা হৈছে। ভাৰতে স্বাধীনতা লাভ কৰাৰে পৰা ৰাইজে বসবাস কৰি অহা গাঁওখনৰ এই পথটো দেখিলে আপোনাৰো চকু কপালত উঠিব। বোকা-পানী খচকি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ পৰা বৃদ্ধজনেও পাৰ হয় এই পথটোৱে।এজাক বৰষুণত একাঠু পানীত এনেদৰে অহা যোৱা কৰে সব সাধাৰণ ৰাইজে।

ইনথেম মাইচাংপানী হৈ ডুমপানী সংযোগী পথটোৰ বাবে গাঁওবাসীয়ে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্য্যন্ত কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰা দেখা গৈছে গাঁওবাসী । উল্লেখ্য যে, কৃষি প্ৰধান গাঁৱখনৰ ৰাইজে একাঠু বোকা গছকী চাইকেল ঠেলি বজাৰলৈ যাবলগীয়া হয় ।কিন্তু এই পথটোৰ দুৰৱস্থাৰ বাবে চাইকেলেৰে নি গাড়ীত উঠোৱালৈকে বহু সমস্যাৰ সন্মুখীন হৈছে ক্ষুদ্ৰ খেতিয়কলে । অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক ৰাইজে দাবী জনাইছে ।