লখিমপুৰ , ৬ আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্রী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ পূণ্য তিথিটি লোক কল্যাণ দিৱস হিচাপে লখিমপুৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত উদ্যাপন কৰা হয়। জিলা উপায়ুক্ত সুমিত সাত্তারনে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিজ্ঞবিত বস্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। ইয়াৰ পিছতে জাতীয় সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিৰ আঁত ধৰে জিলা প্ৰশাসন কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়িকা জুনুমা কোচে। উপায়ুক্তই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যাত অসম চৰকাৰে যোৱা ২০২১ বৰ্ষৰ ৭ জুলাইত ৰাজ্যিক কেবিনেটত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্য তিথিটি লোক কল্যাণ দিবস হিচাপে উদযাপিত কৰাৰ লগতে অসম চৰকাৰৰ অৰাজপত্রিত বিষয়াবৰ্গ তথা কৰ্মচাৰী বুন্দলৈ তেওঁলোকে নিজৰ বিভাগৰ জৰিয়তে জনসাধাৰণক আগবঢ়োৱা নিস্বার্থ সেৱাৰ বাবে লোকপ্রিয় বঁটা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে। এই লোক সেৱা বঁটাৰ জৰিয়তে কৰ্মচাৰী জনে অসম চৰকাৰৰ পৰা নগত ২৫ হাজাৰ টকা পোৱাৰ উপৰিও তেখেতৰ কাৰ্যকাল ১ বছৰ আগবঢ়াই দিয়া হ’ব। অনুষ্ঠানত নিমন্ত্রিত অতিথি হিচাপে অংশ গ্রহণ কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ নিপেন ফুকনে। সমাজকর্মী ফণিধৰ বৰুৱা উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সভাপতি ড” প্রেমানন্দ হাও বৰাই লোক কল্যাণ দিৱসৰ লগত সংগতি ৰাখি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কৰ্ম জীৱনৰ লগতে অসমৰ বাবে আগবঢ়োৱা তেওঁৰ উল্লেখনীয় অৱদানৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে লখিমপুৰ জিলাত ২০২২ বৰ্ষৰ লোকপ্রিয় বঁটা লাভ কৰিছে লখিমপুৰ জিলা পার্চনেল বিভাগৰ দুগৰাকী জোষ্ঠ সহায়ক ক্ৰমে অৰ্চনা বৰুৱা আৰু আবুছালেহ আহমেদে। আজিৰ অনুষ্ঠানটিত জিলাৰ অতিৰিক্ত উপায়ুক্ত ক্রমে মনোরমা মৰাং, গীতালি দুরবা, জিলা উপ আৰক্ষী অধীক্ষক কণা নেওগ জিলাৰ সহকাৰী আয়ুক্ত সকল বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে গণ্য মান্য ব্যক্তি উপস্থিত থাকে।