কামৰূপ, ৫ আগষ্টঃ চৰজমিন তদন্তৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ। গ্ৰাম্য আন্ত: গাঁথনি উন্নীতকৰণ আৰু শ্ৰমিকৰ ১০০ দিনৰ মজুৰি নিশ্চিত কৰনৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত আচনি সমুহত সীমাহীন দূৰ্নীতি অনিয়মৰ পোহাৰ মেলি কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডত লুণ্ঠনৰাজ চলোৱা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি হাজো উন্নয়ন খণ্ডৰ বিডিঅ, কনিষ্ঠ অভিযন্তা, সচিব, পঞ্চায়ত প্ৰতিনিধি তথা একাংশ দালালৰ সোণৰ কনী পৰা হাহ লৈ পৰিনত হৈ পৰিছে বিভিন্ন আচনি সমুহ।
বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নীৰৱ ভূমিকাৰ পূৰ্ণ সূযোগ গ্ৰহণ কৰি হাজোৰ পঞ্চায়ত কেইখনত আঁচনি ৰূপায়নৰ নামত অবাধ হাৰত লুণ্ঠন ৰাজ চলোৱাৰ পৰিণতিত হাজোৰ উন্নয়ন স্থবিৰ হৈ পৰিছে। হাজো উন্নয়ন খণ্ডৰ বৰ্নি গাওঁ পঞ্চায়তত সংঘটিত তেনে এটি দুৰ্নীতিৰ বিৰূদ্ধে সৰৱ হৈ পৰিছে খোদ পঞ্চায়তটোৰ স্হানীয় একাংশ ৰাইজে। পঞ্চায়ত খনৰ দ:বৰ্নি মছজিদৰ বাউণ্ডাৰী ওৱাল আৰু মক্তৱ মাদ্ৰাছা আৰু দ:বৰ্নি মাজৰচুপা মছজিদৰ বাউণ্ডাৰী ওৱালৰ লগতে অজুখানাৰ নামত ধন আত্মসাৎ কৰা সন্দৰ্ভত জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। প্ৰাপ্ত অভিযোগ অনুসৰি বৰ্নি গাওঁ পঞ্চায়তৰ দ: বৰ্নি গাঁওৰ মছজিদত ২০১৭-১৮ বৰ্ষত আবন্টিত চতুৰ্দশ বিত্তীয় আয়োগৰ জৰিয়তে মক্তৱ মাদ্ৰাছাৰ বাউণ্ডাৰী ওৱালৰ বাবে ৪,৪৯,৮৮৪ টকা আৰু দ: বৰ্নি মাজৰচূপা মক্তৱৰ বাউণ্ডাৰী ওলাল আৰু অজুখানাৰ বাবে প্ৰথম পৰ্যায়ত একেটা বৰ্ষতে ৬,১০,০০০ টকা আবন্টন দিয়ে। তাৎপৰ্যৰ বিষয় এই যে, দ:বৰ্নি মছজিদ আৰু দ: বৰ্নি মাজৰ চূপা মছজিদত অতি নিম্নমানৰ কাম কৰিয়েই বাকী ধন আত্মসাৎ কৰে।
আশ্বৰ্যৰ বিষয় যে, দ:বৰ্নি মছজিদৰ বাউণ্ডাৰী ওৱাল আৰু দ:বৰ্নি মাজৰচূপা মছজিদৰ বাউণ্ডাৰী ওৱালৰ লগতে অজুখানা নিৰ্মাণ কমিটিৰ সভাপতি হুছেইন আলী আৰু সম্পাদক তাইজুদ্দিন আলী আহমেদে আঁচনিৰ সঠিক ভাৱে ৰূপায়ন নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বৰ্তমান আঁচনি দুটাৰ কাম সম্পূৰ্ণ আধৰুৱা হৈ থকা পৰিলক্ষিত হৈছে। যাৰ ফলত ৰাইজে পানীৰ অভাৱত এক জীয়াতু ভূগিবলগীয়া হৈছে। উক্ত আঁচনি দুটা চৰজমিন তদন্ত কৰি ধন আত্মসাৎ কাৰী চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যাৱস্থা ল’বলৈ স্হানীয় ৰাইজে মূখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখা, কামৰূপ জিলাৰ উপায়ুক্ত , কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক , কামৰূপ জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ প্ৰকল্প সঞ্চালক,আৰক্ষী চক্ৰ পৰিদৰ্শক,হাজো সমষ্টিৰ বিধায়িকা,হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া,হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ,হাজো খণ্ড উন্নয়ন বিষয়ালৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰে।
তাৎপৰ্যৰ বিষয় যে,যোৱা কালি উক্ত আঁচনি দুটাৰ চৰজমিন তদন্ত বিচাৰি হাজো উন্নয়ন খণ্ডৰ খণ্ড বিষয়া নন্দিতা চহৰীয়া, অভিযন্তা হলধৰ কলিতা, সহকাৰী অভিযন্তা তাইজুদ্দিন আহমেদ, সভাপতি নুৰমহম্মদ আলী,সচিব প্ৰবীৰ ৰয় চৌধুৰী, গাঁও পঞ্চায়ত কৰ্ডিনেটৰ ৰেজাউল কৰিমে এক নাটকীয় ভাৱে উপস্থিত হয় যদিও কামৰ জোখ – মাপ কৰিয়েই দায়িত্ব সামৰে।
বিজেপি চৰকাৰৰ শুন্য সহনশীলতাৰ কথাৰ ফুলজাৰী মৰা মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়িকা সুমন হৰিপ্ৰিয়াই দূৰ্নীতিৰ সৈতে জড়িত দালাল চক্ৰৰ বিৰূদ্ধে পৰৱৰ্তী সময়ত কি ভূমিকা গ্ৰহণ কৰিব সেয়াহে হব লক্ষনীয়।