গুৱাহাটী,৫ আগষ্টঃ জাতীয় সংগীতৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰি এইবাৰ চৰ্চালৈ আহিছে মাজুলীৰ বিধায়ক ভূৱন গাম। আজি মাজুলীত লোক কল্যান দিৱস উদযাপন কাৰ্যসূচীৰ অন্তত বাজি উঠা জাতীয় সংগীতৰ সময়খিনিত বিধায়ক ভূৱন গামক নিজৰ মোবাইল ফোনটোক লৈ ব্যস্ত হৈ পৰা দেখা গ’ল। সভাত উপস্থিত আছিল মন্ত্ৰী অতুল বৰাৰ লগতে বহু লোক। যিসময়ত অনুষ্ঠানত উপস্থিত সকলোৱে থিয় হৈ সমস্বৰে গাইছিল গাই আছিল সেই সময়তে মঞ্চত মন্ত্ৰী অতুল বৰাৰ কাষত থিয় হৈ থকা বিধায়ক ভূৱন গাম অতি দৃষ্টিকটু ভাৱে ব্যস্ত আছিল মোবাইল ফোনত ৷ বিজেপিৰ বিধায়কগৰাকীয়ে জাতীয় সংগীতক অপমান কৰা এই দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে ৷