লখিমপুৰ, ৫ আগষ্ট ; লখিমপুৰ জিলাৰ নাওবৈছাত সাতাইশ লাখ টকা ব্যয় সাপেক্ষে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত নাওবৈচা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত কাৰ্য্যালয় ভবনটোত উদ্বোধনৰ পূৰ্বেই ছিৰাল ফাট মেলা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ দহখন গাঁও পঞ্চায়তৰ ভিতৰত নখন গাঁও পঞ্চায়তে চতুদর্শ বিতীয় আয়োগৰ পুঁজিৰ তিনি লাখকৈ মুঠ সাতাইশ লাখ টকা উন্নয়ন খণ্ড কার্যালয় নিৰ্মাণৰ বাবে আদায় দিছিল। সেই অনুসৰি লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব আৰু নাওবৈচা মণ্ডল বি.জে.পি. সভাপতি ৰঞ্জিত পাৱেক সভাপতি হিচাপে লৈ এখন নির্মাণ সমিতি গঠন কৰা হৈছিল। নিৰ্মাণ সমিতি খনৰ সভাপতি ৰঞ্জিত পাৱেই ঠিকাদাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ কাৰ্যালয় ভৱনটোৰ নিৰ্মাণৰ কাম হাতত লয়। কাৰ্যালয় ভৱনটো প্লিন্থ আৰু ছাদৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ থকাত আবন্টন পোৱা সাতাইশ লাখ টকাৰে ভৱনটো আটকধুনীয়াকৈ নিৰ্মাণ হ’ব বুলি আশা কৰা হৈছিল যদিও নৱনিৰ্মিত ভৱনটোৰ ৱালত ফাট মেলা ঘটনাই নির্মাণকার্যত অনিয়ম সংঘটিত হোৱাটো স্পষ্ট কৰি তুলিছে। ভৱনটোৰ নিৰ্মাণকাৰ্যত স্কেনাৰৰ বালিৰ পৰিৱৰ্তে নিম্নমানৰ বালি ব্যৱহাৰ কৰিবলৈ নিয়াত বিতৰ্কিত পৰিস্থিতিৰো সৃষ্টি হৈছিল। অধিক লাভৰ আশাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত উদ্বোধনৰ পূৰ্বেই কাৰ্যালয়টোত ফাট মেলা বুলি নাওবৈচাত চর্চা চলিছে। মন কৰিবলগা কথা যে নাওবৈচা মণ্ডল বি.জে.পি. সভাপতি হোৱাৰ সুবিধাতে ৰঞ্জিত পাৱেই নাওবৈচাৰ বিভিন্ন চৰকাৰী আচঁনিৰ নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে নিজে ঠিকাদাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ ধন ঘটাৰ প্ৰতিযোগিতাত নামি পৰাত দলৰ কৰ্মীসকল ক্ষুণ্ণ হৈ পৰিছে। এই সম্পূর্ণ বিষয়টো অসম চৰকাৰ মুখ্যমন্ত্ৰী দুর্নীতি নিবাৰণ শাখাত সদৌ অসম নিবনুৱা সস্থা কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই এক স্মাৰক পত্ৰ জৰিয়তে এটি উচ্চ পর্যায়ৰ তদন্ত কৰিবৰ কাৰণে দাবী জনায় সদৌ অসম নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই