তিনিচুকীয়া ৫ আগষ্ট: অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মৃত্যু তিথি উপলক্ষ্যে সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাতো আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত “লোক কল্যাণ দিৱস” তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত উদযাপন কৰা হয়। “লোক কল্যাণ দিৱস”ৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিশান। লোক কল্যাণ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। লোক কল্যাণ দিৱসৰ উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত শ্ৰী সুশান্ত দত্তই। তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ড০ অঞ্জনা গোস্বামী আজিৰ কাৰ্য্যসূচীত সমলব্যক্তি হিচাপে উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনত আগবঢ়োৱা অৱদান বিতংকৈ উল্লেখ কৰে। ইয়াৰ উপৰিও তেখেতৰ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰতো আলোকপাত কৰে। আজিৰ লোক কল্যাণ দিৱসৰ কাৰ্য্যসূচীতে তিনিচুকীয়া জিলাৰ তিনিগৰাকী অ-ৰাজপত্ৰিত বিষয়াবৰ্গক তেওঁলোকৰ উৎকৃষ্ট সেৱা, কৰ্তব্যনিষ্ঠা আৰু সততাৰ বাবে অসম চৰকাৰৰ “লোক সেৱা পুৰস্কাৰ ” আগবঢ়োৱা হয়। লোকসেৱা পুৰস্কাৰ লাভ কৰা বিষয়াবৰ্গ কেইজন হৈছে বন সংমণ্ডল প্ৰাধিকাৰী ডিগবৈ বন সংমণ্ডল কাৰ্য্যালৰ বনপালক-১ মন্টু চেতিয়া, তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক বিপ্লৱী গগৈ আৰু উপায়ুক্ত কাৰ্য্যালয়ৰ বাৰ্তাবাহক প্ৰাঞ্জল ফুকন।তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পৱাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ আদৰ্শ আৰু চিন্তাধাৰা বৰ্তমানৰ সমাজ জীৱনৰ বাবে প্ৰেৰণাদায়ক বুলি উল্লেখ কৰে। উপায়ুক্তই অসম চৰকাৰে নিষ্ঠাবান তথা সৎ কৰ্মচাৰীসকলক লোকসেৱা পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ যি পদক্ষেপে গ্ৰহণ কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু চৰকাৰৰ এই পদক্ষেপে অন্যান্য কৰ্মচাৰীসকলক পৰৱৰ্তী সময়ত নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰাত যথেষ্ট উৎসাহিত কৰিব বুলি কয়। লোক কল্যাণ দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শ্ৰমিক কল্যাণ তথা চাহ জনজাতি কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ মহোদয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মহানতা তথা আদৰ্শ ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তি তথা নৱপ্ৰজন্মৰ বাবে অনুকৰণীয় বুলি উল্লেখ কৰে। প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীকে সততা আৰু নিষ্ঠাসহকাৰে ৰাইজৰ সেৱাত ব্ৰতী হবলৈ শ্ৰম মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আজিৰ সভাত তিনিচুকীয়াৰ জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, মৰাণ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপন মৰাণ, মটক স্বায়ত্ব পৰিষদৰ অধ্যক্ষ সৰুজ গোহাঁই প্ৰমুখ্যে স্থানীয় বিশিষ্ট ব্যক্তি,বিদ্যালয়- মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকল আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
Home অসম আৰু উত্তৰপূব তিনিচুকীয়াত “লোক কল্যাণ দিৱস” উদযাপন । তিনিচুকীয়াৰ ৩ গৰাকী কৰ্মচাৰীলৈ “লোক সেৱা”...