সৰুপথাৰ, ৫ আগষ্টঃ আজি ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অধীনস্থ পঞ্চায়ত সমূহত সংঘটিত দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ। সৰুপথাৰৰ গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে বেনাৰ, পোষ্টৰ, প্লে কাৰ্ড আদি লৈ মহকুমাটোৰ গেলাবিল আৰু কৰৈঘাট পঞ্চায়ত দুখনত সংঘটিত বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা যায়। প্ৰায় ডেৰ শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলে মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ। ইপিনে সংগঠনটোৱে ধনশিৰি মহকুমাৰ মহকুমা ধিপতি হাতত পঞ্চায়ত দুখনত সংঘটিত দুৰ্নীতিৰ তদন্ত বিচাৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আনহাতে এটা সপ্তাহৰ ভিতৰত এই সমগ্ৰ বিষয়টো তদন্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে সহকাৰী খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে।