বঙাইগাঁও, ৬ আগষ্টঃ বঙাইগাঁও জিলাৰ তিনি নং নাচোনগুৰিত আই নৈৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে । নৈ খনৰ গতিপথ সলনি হোৱাৰ ফলত গাঁও খনৰ প্ৰায় ৪০ টা মান পৰিয়ালৰ ভেটি মাটি উচন হোৱাৰ উপৰিও শ‌ শ বিঘা কৃষি ভূমি নৈৰ বুকুত বিলীন হয় ।নৈখনে গাঁওখনৰ প্ৰতি তীব্ৰ ভাবুকি অনাৰ পিছতো চৰকাৰ- প্ৰশাসনে কোনো গুৰুত্ব ‌প্ৰদান নকৰাত আজি DYFI য়ে প্ৰতিবাদ সাইবস্ত কৰে। DYFI সদস্য সকলে তিনি নং নাচোনগুৰিত আই নৈৰ পাৰত সমবেত হৈ স্থানীয় ৰাইজৰ সহযোগত চৰকাৰ, প্ৰশাসন বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে আই নৈৰ খহনীয়াত ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ দিয়াৰ লগতে খহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনায়।