ছিপাঝাৰ, ৬ আগষ্টঃ ছিপাঝাৰ ৰাজহ চক্ৰৰ  অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথ সংযোগী দুমুনিচকী-দিপিলা পথটি এজাক বৰষুণতে  জীয়াতু ভুগিছে পথটিৰে অহা-যোৱা কৰা সাধৰণ ৰাইজ , ক্ষুদ্ৰ ব্যৱসায়ী তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। এজাক বৰষুণেই দুৰ্ভোগ ভুগাইছে দুমুনিচকী শনিবৰীয়া সাপ্তাহিক বজাৰলৈ অহা পথাচাৰীক । উক্ত পথচোৱাৰ  বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথ সংযোগী দুমুনিচকীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পথ বিধ্বস্ত হৈছে। ফলত বিগত দিন ধৰি  যমৰ যাতনা ভুগিবলগীয়া হৈছে যান-বাহনৰ লগতে পথচাৰী সকলে। কেইবাটাও অংশত এজাক বৰষুণ দিলেই পানী জমা হৈ পৰে এই পথটোত। পথটোৰ দুয়োকাষে পানী ওলাই যোৱা নলা নথকাত পানী জমা হোৱা অংশত গধুৰ যান-বাহন দৈনিক অহা-যোৱা কৰাৰ ফলত পথটো জৰাজীৰ্ণ হৈ পৰে বুলি দাবী কৰিছে স্থানীয় ৰাইজে । উক্ত পথচোৱাত নলাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।