বৰপেটা, ৬ আগষ্টঃ সম্প্ৰতি ১৫ আগষ্টৰ প্ৰাক ক্ষণত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ উঠা জেহাদীৰ বিৰুদ্ধে বৰপেটা আৰক্ষী তৎপৰ হৈ হোৱাৰ সময়তে মৌলবাদী জেহাদীৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলা সদৰত জেহাদীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ আজি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগতো বৰপেটা চহৰৰ ভি আই পি চ’কত মৌলবাদী জেহাদীৰ বিৰুদ্ধে এক মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আঞ্চলিক নেতা-কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড,ফেষ্টুন,বেনাৰ আদিলৈ মৌলবাদী জেহাদী শক্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ লগতে প্ৰতিবাদকাৰী সকলে কয় যে,এইখন অসম শংকৰ-আজানৰ দেশ। সেয়ে ইয়াত জেহাদীৰ কোনো স্থান নাই অাৰু মৌলবাদী জেহাদী শক্তিক অসমৰ পৰা পুলিয়ে পখায় উভালি পেলোৱাৰ বাবে অসম চৰকাৰলৈ দাবী জনায় । এই কাৰ্যসূচীত উপস্থিত ক্ৰমে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আতিকুল হক , কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নজম্মুল হুছেইন , কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ময়ুৰ আলী , কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মফিদুল হক, কেন্দ্ৰীয় সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক ছহিজুল আলী, বৰপেটা জিলা সমিতিৰ সভাপতি চলমান হুছেইন, কায্যকাৰী সভাপতি মৌচম নাজিম , যুটীয়া সাধাৰণ সম্পাদক চহিদুল ইছলাম, ৰাতুল আহমেদ, সাংগঠনিক সম্পাদক ছাজিবুল মাজিব আৰু বিভিন্ন আঞ্চলিকৰ সমূহ বিষয়ববীয়াৰ লগতে ৰাইজ উপস্থিত থাকে।