পাঠশালা,৬ আগষ্টঃ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক উৎকোচ লোৱা সময়ত হাতে-লোটে আজি গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে। দীৰ্ঘদিন ধৰি দুৰ্নীতি কৰি অহাৰ অভিযোগৰ ভিত্তিতে নিবাৰক শাখাৰ দলটোৱে অভিযান চলাই ঘোচখোৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰে। বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিৰ্বান শৰ্মা আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান।
জানিব পৰা মতে দুৰ্নীতি নিবাৰক শাখাৰ দলে গুৰু প্ৰসাদৰ চান্দমাৰীস্থিত ঘৰৰ উপৰি কিছু আত্মীয়ৰ ঘৰতো অভিযান চলাই আছে। ইফালে ভট্টদেৱ বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখা প্ৰৱেশ কৰাটোৱে শিক্ষানগৰীৰ কাৰণে দুৰ্ভাগ্যজনক আখ্যা দিছে বজালীৰ দল-সংগঠনে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ সকলো পৰ্যায়ৰ দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে।