নিউজ ডেক্সঃ ইজৰাইল আৰু ইছলামিক জিহাদৰ মাজৰ যুঁজখন এতিয়া অধিক ভয়ানক হৈ পৰিছে। যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষত এতিয়ালৈকে গাজা ভূখণ্ডত কেইবাটাও শিশুসহ কমেও ৫১ জন লোক নিহত হৈছে। ইজৰাইলৰ সামৰিক বাহিনীয়ে জানিব দিয়া মতে নিহতসকলৰ ভিতৰত ২৪ জন সন্ত্ৰাসবাদী । আনহাতে গাজাৰ ‘ইছলামিক জিহাদ’ উগ্ৰপন্থীয়ে ইজৰাইলত ১,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছে। ইজৰাইলৰ সামৰিক বাহিনীয়ে জনাইছে যে জাবাৰীৰ মৃত্যুৰ পিছত ইজৰাইললৈ ১,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছে উগ্ৰপন্থীয়ে । ইয়াৰ ভিতৰত ২০০টা লক্ষ্যভ্ৰষ্ট হৈ গাজা ভূখণ্ডত পৰাত ১৬ জন সাধাৰণ লোকে প্ৰাণ হেৰুৱাইছে। এই সংঘৰ্ষত আৰু ১১ জন নিৰীহ লোক নিহত হৈছে। ইতিমধ্যে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে গাজাৰ ১৭০ টা ইছলামিক জিহাদ ঘাটিত বিমান আক্ৰমণ চলাইছে।
