টীয়ক, ৮আগষ্টঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ শিক্ষাৰ ক্ষেত্ৰত ভাষা নীতি সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি টীয়কত বিভিন্ন দল সংগঠনে এখন সংবাদমেল আয়োজন কৰে। প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত পঢ়িব লগা আৰু প্ৰতিটো সমষ্টিত ৰাজ্য চৰকাৰে CBSE ৰ অধীনত দুখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বাবে মাতৃভাষা বিদ্যালয়ৰ মৰণ নিশ্চিত হৈ পৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি মতপোষণ কৰে। সংবাদ মেলত ঐক্যবদ্ধ সংগঠন সমূহে ৰাজ্য চৰকাৰ খনৰ স্তাৱক সকলক উদ্দেশি কয় দশ শতিকা মানতে বিকাশ সাধন হোৱা অসমীয়া ভাষাৰ বয়স বৰ্তমান ১০০০ বছৰ। অসমীয়া ভাষাই আধুনিক যুগ অতিক্ৰম কৰাও আজি প্ৰায় ২০০ বছৰ হ’ল। ভাৰতৰ সংবিধানৰ স্বীকৃত ২২ টা ভাষাৰ ভিতৰত অসমীয়া ভাষাও এটা ।অসমীয়া ভাষাৰ সাহিত্য, সংস্কৃতিয়েও ৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। তেনে স্থলত অসমীয়া ভাষাক নিশেষ কৰাৰ ষড়যন্ত্ৰ ৰচি হিন্দী ভাষাক জাপি দিয়াৰ চক্ৰান্ত ৰচা বুলি সংগঠন কেইটাই অভিযোগ কৰিছে। গতিকে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি মাতৃভাষা বিদ্যালয়, মাতৃভাষাক শক্তিশালী কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনায়। আজিৰ এই সংবাদমেলত টীয়ক শাখা সাহিত্য সভা,ছাত্র সন্থা, যুৱ ছাত্ৰ পৰিষদ, অৰ্নিবান সাংস্কৃতিক গোষ্ঠী, নাগৰিক সমিতি, টীয়ক, জাতীয় বিদ্যালয়, জ্যোতি বিদ্যাপীঠ, শংকৰ আজান জাতীয় বিদ্যালয়কে ধৰি বহু কেইটা সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল।
