ৰঙিয়া, ৮আগষ্টঃ অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদৰ উদ্যোগত ঘৰে ঘৰে জাতীয় পতাকা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে।

দেশৰ ৭৫ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষে এইবাৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰাৰ নিৰ্দেশ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ।
এই নিৰ্দেশনাক স্বতঃস্ফূৰ্ত ভাবে সঁহাৰি জনায় অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদে।
অহা ১৩আগষ্টৰ পৰা ১৫আগষ্টলৈ তিনিদিনীয়াকৈ পালন কৰা কাৰ্যসূচীক পূৰ্ণ সমৰ্থন কৰে খিলঞ্জীয়া মুছলিমসকলে।
ঘৰে ঘৰে ত্ৰিৰংগা বিতৰন কাৰ্যসূচীত উপস্থিত থাকে অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদ,অসম মুছলিম পৰিষদৰ সভাপতি ৰহমচা আলীৰ লগতে বহু কেইগৰাকী ব্যক্তি।