বৰপেটা,৮ আগষ্টঃ বৰপেটা জিলাৰ শিল্পনগৰী সৰ্থেবাৰীত আজি ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কাৰ্যকৰ্তাসকলে নতুন শিক্ষানীতি, বানসাহাৰ্য্যৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ, মাতৃভাষা বিলুপ্ত কৰা বন্ধ কৰক, মাতৃ ভাষা ধ্বংস কৰা নতুন শিক্ষানীতি বাতিল কৰক, দুৰ্নীতিগ্ৰস্থ আমোলা-বিষয়াক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । উক্ত সভাত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামান, মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ সচিৱ আদিত্য লহকৰ, ৰাইজৰ দলৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি দণ্ডিনাথ বৰ্মন, নুৰুল ইছলাম, মনিৰ আলী, কৃষক মুক্তিৰ জিলা সাধাৰণ সম্পাদক মিতুল ডেকা আদিকে ধৰি বহুতো নেতা কৰ্মী উপস্থিত থাকে।