নিউজ ডেক্সঃ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত এক বৃহৎ সফলতা। প্ৰথমবাৰৰ বাবে নিজৰ যুদ্ধজাহাজ লাৰ্চেন এণ্ড টিউব্রোকত মেৰামতিৰ বাবে ভাৰতলৈ পঠাইছে আমেৰিকাই ।
জাহাজখনে চেন্নাইৰ কাট্টুপল্লীৰ লাৰ্চেন এণ্ড টুবাৰ বন্দৰত অৱতৰণ কৰিছে। যাৰ আগমনে ভাৰতীয় বন্দৰৰ সেৱা সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক স্পষ্ট ধাৰণা সৃষ্টি কৰিব। বিশেষজ্ঞসকলে মতে ভাৰতীয় জাহাজ প্ৰস্তুতিৰ ইতিহাসত এই ঘটনাটোক ‘ৰেড লেটাৰ ডে’ হিচাপে গণ্য কৰা হ’ব।
ভাৰতীয় প্ৰতিৰক্ষা সচিব অজয় কুমাৰ, নৌসেনাৰ উপ-প্ৰধান এছ এন ঘোৰমেড আৰু আন কেইবাজনো উচ্চ পদস্থ বিষয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাহাজখনক আদৰণি জনোৱাৰ বাবে চেন্নাইত উপস্থিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনৰ প্ৰতিনিধিও তাত উপস্থিত হয়। মেৰামতিৰ বাবে প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধজাহাজ ভাৰতলৈ প্ৰেৰণ কৰা হৈছে। সেয়েহে লাৰ্চেন এণ্ড টিউব্রোকত জাহাজখন মেৰামতি কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধজাহাজখনক আদৰণি জনোৱাৰ পিছত প্ৰতিৰক্ষা সচিবে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ জাহাজ লাৰ্চেন এণ্ড টিউব্রোকত উপস্থিত হোৱাত আমি অত্যন্ত সুখী। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত, আমি বিশ্বাস কৰোঁ যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হ’ব।”