লখিমপুৰ, ১১ আগষ্ট :সমগ্ৰ ভাৰতত আয়োজিত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলা প্ৰশাসন পূৰ্ণ সতৰ্কতাৰে দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । ১৩ আগষ্টৰ পৰা তিনিদিনীয়া কার্যসূচীৰে পালন কৰিব লগা এই দিৱসত ত্ৰিৰংগা উত্তোলনৰ ক্ষেত্ৰত ৰাইজক সতৰ্কতাৰে ত্ৰিৰংগাৰ সন্মান অক্ষুন্ন ৰাখি দিৱস উদযাপন কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনে জিলা জনসংযোগ বিভাগৰ জৰিয়তে আহ্বান জনাইছে । আজি এই উপলক্ষে জিলা জনসংযোগ বিভাগৰ কাৰ্যলয়ত জিলাখনৰ বিভিন্ন প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগত হোৱা এখনি সভাত সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজলৈ এই আহ্বান জনায় জিলা পৰিসদৰ মূখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ আৰু জন সংযোগ বিষয়া মন্দিৰা ছায়েঙীয়াই । সভাত দিৱস উদযাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা হানিকৰ কাম নহয় তাৰ বাবে ৰাইজক সজাগ,সচেতন হবলৈ আহ্বান জনোৱাৰ লগতে “হৰ ঘৰ ত্ৰিৰংগা ” কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ঘৰে ঘৰে পতাকা উৰুৱাবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত যি সকল লোকে সম্পূৰ্ণ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিয়মেৰে বেদী স্থাপন কৰি ১৩ আগষ্টৰ পৰা তিনিদিনীয়াকৈ পতাকা উত্তোলন কৰিব সেই সকলে তিনিওটা দিনতে পুৱা পতাকা উত্তোলন কৰি প্ৰতিদিনে সন্ধ্যা পতাকা সম্বৰণ কৰিবলৈ আহ্বান জনাইছে । আজি প্ৰশাসনৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰেছ ক্লাবলৈ ৰাষ্ট্রীয় পতাকা প্ৰদান কৰে জন সংযোগ বিভাগৰ জৰিয়তে । উল্লেখ যে লখিমপুৰ জিলা প্ৰশাসনে লখিমপুৰ নগৰৰ মাজমজিয়াত অৱস্থিত লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মূল জাতীয় পতাকা উত্তোলন কৰাৰ লগতে জিলা প্ৰশাসনে প্ৰশাসনৰ হৈ আন ১০ টাত ত্ৰিৰংগা উত্তোলন কৰাৰ ব্যৱস্থা কৰিছে । উক্ত ঠাইবোৰ হৈছে -গান্ধী পাৰ্ক, নৰ্থ লখিমপুৰ মহাবিদ্যালয় চাৰিআলি, ৰহধলা পুখুৰী, চুকুলি ভৰীয়া পেট্ৰল পাম্প, ঠাকুৰবাৰী পেট্ৰল পাম্প, অমৰ বজাৰ, চি ডি ৰোডত আম্বেদকাৰ মূৰ্তিৰ ওচৰত, লখিমী চাৰিআলি, খেলমাটিৰ এল আই চি কাৰ্যালয়ৰ বিপৰীতে আৰু নকাৰিত অৱস্থিত পুৰণি চৰকাৰী চিকিৎসালয়। লখিমপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত ৰহধলা পুখুৰীত অমৃতসৰ সৰোৱৰ মহা উৎসৱ উদযাপনৰ প্ৰস্তুতিও পূৰ্ণগতিত চলি আছে। ইয়াৰ বাবে ৰহধলা পুখৰীৰ চৌদিশে নিৰ্মাণ কাৰ্য্য আৰু সজ্জাৰ কাম পূৰ্ণগতিত চলি আছে। এই স্থানত ৬৫ ফুট দৈৰ্ঘ্যৰ এখন স্থায়ী জাতীয় পতাকা স্থাপন কৰা হ’ব। বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচনৰ বাহিৰত বেছিকৈ দেখা পোৱা ৰাষ্ট্ৰীয় পতাকাৰ প্ৰকাৰ। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত লখিমপুৰ মুঠ ১ লাখ ৩৬ হাজাৰ ত্ৰিৰংগা নিৰ্মাণৰ লক্ষ্যৰে জিলাখনত আত্মসহায়ক গোট নিয়োজিত হৈ আছে পতাকা বিক্ৰীৰ ব্যৱস্থাও হৈছে । স্বেচ্ছাসেৱী সংগঠনসমূহৰ হাজাৰ হাজাৰ সদস্যই ইয়াৰ পৰা কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক সুবিধা লাভ কৰাৰ সুবিধা পাইছে । এতিয়ালৈকে জিলাখনৰ ৮৩টা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হৈ আছে ত্ৰিৰংগা। ইয়াৰ উপৰিও জনসচেতনতাৰ উদ্দেশ্যে বিভিন্ন দেশপ্ৰেমমূলক পতাকা সমাৱেশ, বাটৰ নাট, চিত্ৰকলা প্ৰতিযোগিতাও আৰম্ভ কৰা হৈছে। জিলাখনৰ মুঠ ৮১খন গাঁও পঞ্চায়তেও এই সন্দৰ্ভত সজাগতা সৃষ্টি ব্যৱস্থা কৰা হৈছে । জিলা অভিযান সঞ্চালিকা ড০ দীপিকা পেগুৱে জনোৱা মতে, জিলাখনৰ প্ৰতিটো ঘৰৰ গ্ৰাম্য লোকৰ চাহিদা পূৰণৰ বাবে অহা ৫ আগষ্টৰ ভিতৰত পতাকা নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় । ইয়াৰ উপৰিও জিলা প্ৰশাসনে প্ৰতিখন পঞ্চায়ত আৰু ৱাৰ্ডৰ সদস্যক দুৱাৰে দুৱাৰে গৈ ত্ৰিৰংগা সন্দৰ্ভত সজাগতা প্ৰচাৰ কৰাৰ লগতে প্ৰতিটো ঘৰতে ত্ৰিৰংগা উপলব্ধ কৰাৰ বাবে এক অভিযান চলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ অধীনত সকলো পঞ্চায়ত আৰু ৱাৰ্ড সদস্যই প্ৰতিটো ঘৰলৈ গৈ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো ঘৰতে ত্ৰিৰংগাৰ উপলব্ধতাৰ সজাগতা প্ৰচাৰ কৰি আছে।