লখিমপুৰ, ১৪ আগষ্টঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা । আজি দুপৰীয়া সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত দুজন শ্ৰমিক থিতাতে নিহত হৈছে ৷ ঘটনাৰ বিৱৰণি মতে গোগামুখ মহৰিকেম্প নিৱাসী সুৰেশ নেৱাৰ(৩৪) আৰু মিংমাং ওখমাটি নিৱাসী কৰণ পায়েঙে(৩৩ এন এইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্হা পাটেল ইঞ্জিনীয়াৰিঙত পূৰ্বৰ দৰে কাম কৰিবলৈ গৈছিল আৰু গেৰুকামুখৰ প্ৰায় ২০০ মিটাৰ ওখ পাহাৰেদি এখন ডাম্পাৰেৰে মূল বান্ধলৈ শিল-বালি অনা-নিয়া কৰি আছিল ৷ কিন্তু হঠাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ২০০ মিটাৰ তলত বাগৰি পৰে আৰু দুয়োগৰাকী শ্ৰমিক থিতাতে নিহত হয় ৷ প্ৰাপ্ত অভিযোগ মতে এন এন এইচ পি চিৰ ঠিকাদাৰী সংস্হা পাটেল ইঞ্জিনীয়াৰিঙে তেওঁলোকৰ অধীনত কৰ্মৰত শ্ৰমিক সকল নানা অত্যাচাৰ-উৎপীড়ণ, শোষণ চলাই অহাৰ লগতে শ্ৰমিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটো কোনো গুৰুত্ব দিয়া নাই ৷ ফলত পাটেলৰ অধীনত কৰ্মৰত বহু শ্ৰমিক দুৰ্ঘটনাত পতিত হৈ আহিছে আৰু বহুতৰ জীৱন বিকলাংগ হৈ পৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷
