লখিমপুৰ, ১৬ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা। নিষিদ্ধ ঘোষিত সংগঠনটোৰ উদিত সূর্য প্রতীক চিহ্নৰ এই পতাকাখন পুৱা বগীনদী ৰেলৱে ষ্টেচনৰ ফুট ব্ৰীজত উৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত বগীনদী থানাৰ আৰক্ষীয়ে পতাকাখন জব্দ কৰি থানালৈ লৈ আহে। স্বাধীনতা দিৱসৰ দিনাই বগীনদীত আলফা পতাকা উৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে উক্ত পতাকাখনত আলফাৰ সাত দণ্ডৰ পৰিবৰ্তে ৮ ডাল দণ্ড অংকন কৰা পৰিলক্ষিত হয়। ইতিপূর্বে বগীনদীত উৰুৱা আলফাৰ এই পতাকাখনৰ ভিডিঅ অৰণ্য অসম নামৰ ফেচবুক পেজত ভাইৰেল হৈ পৰা পৰিলক্ষিত হয়। ইতিমধ্যে বগীনদী আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত জোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পর্যন্ত কাকো আটক কৰা হোৱা নাই ।