নাজিৰা, ১৬ আগষ্টঃ নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ যৌথ উদ্যোগত “আজাদী কা অমৃত মহোৎসৱ” উপলক্ষ্যে আয়োজন কৰা “স্বৰাজ” নামৰ অনুষ্ঠানত তলমোৱাকৈ স্বাভিমান জাতীয় পতাকাক ওলমাই অপমান।

জাতীয় পতাকাক দলীয় পতাকাৰ দ্বৰে এদাল ৰচিত কেবাখনো পতাকা তলমোৱাকৈ ওলমাই অপমান কৰিলে ১৫ আগষ্টৰ নিশাই নাজিৰাৰ এক অনুষ্ঠানত।

বাওঁ হাতে শ্যামল, মাজত শুকুলা আৰু সোঁহাতে গেৰুৱা এই দৰে তলমোৱাকৈ ওলমাই ৰাখিলে নাজিৰা পৌৰসভা আৰু শিমলুগুৰি পৌৰসভাই আয়োজন কৰা স্বৰাজ নামৰ অনুষ্ঠানটোত।

এই অনুষ্ঠানত উপস্থিত আছিল নাজিৰা মহকুমা আৰক্ষী প্ৰশাসনৰ ব্যক্তিও। থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈও উপস্থিত আছিল এই কাৰ্য্যসূচীত ।