গুৱাহাটী, ১৬ আগষ্ট: কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন স্বাস্থ্য যোজনাৰ ৰূপায়নক লৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মনসুখ মাণ্ডভিয়াৰ অধ্যক্ষতাত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে আজি অনুষ্ঠিত এখন ভিডিঅ’ কনফাৰেন্সত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ৰ পৰা স্বাস্থ্যমন্ত্ৰী মহন্তই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়। ভাৰ্চুয়েল বৈঠকখনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান, পঞ্চদশ বিত্তীয় আয়োগ শিতানত স্বাস্থ্যখণ্ডই লাভ কৰা পুঁজিৰ ব্যৱহাৰ, কভিড টিকাকৰণ অভিযান আদিৰ ৰূপায়নকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়। এই বৈঠকখনত স্বাস্থ্যমন্ত্ৰীৰ সৈতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিত তালুকদাৰৰ লগতে স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।