গুৱাহাটী,১৬ আগষ্টঃ পুনৰ বৃদ্ধি আমূল গাখীৰৰ দাম। আমূল বা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে আমূল গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ১৭ আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা আমূল গাখীৰৰ নতুন নিৰীখ কাৰ্যকৰী হ’ব।আমূল (গোল্ড) গাখীৰৰ ৫০০ মিলিৰ মূল্য ৩১ টকা হ’ব। আধা লিটাৰ আমূল তাজাৰ মূল্য ২৫ টকা আৰু আমূল শক্তিৰ মূল্য প্ৰতি ৫০০ মিলিত ২৮ টকা হ’ব। গাখীৰৰ সামগ্ৰিক ব্যয় আৰু উৎপাদন বৃদ্ধিৰ বাবে এই মূল্য বৃদ্ধি কৰা হৈছে। আমূল কোম্পানীয়ে দিয়া তথ্য অনুসৰি ইতিমধ্যে আমূল গাখীৰৰ নতুন হাৰ আহমেদাবাদ, গুজৰাট, দিল্লী, মুম্বাই আৰু পশ্চিম বংগত বৃদ্ধি পাইছে। আমূল গাখীৰৰ মূল্য বৃদ্ধি আন সকলো বজাৰত কাৰ্যকৰী হ’ব য’ত আমূলে ইয়াৰ সতেজ গাখীৰ বিপণন কৰি আছে।