গুৱাহাটী, ১৬ আগষ্ট : জামচেদপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত অংশ লৈছে অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেট দলে । অহা বৰ্ষৰ জানুৱাৰী মাহত দেশত অনুষ্ঠিত হ’ব দৃষ্টিহীন ছোৱালীৰ বাবে নাগেশ ট্ৰফী ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্ট । তাৰ প্ৰাকক্ষণত ক্ৰিকেট এছচিয়েচন ফৰ দ্য ব্লাইন্ড ইন ইণ্ডিয়া চমুকৈ চি এ বি আইৰ তত্বাৱধানত ১৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ জামচেদপুৰত অনুষ্ঠিত হৈছে প্ৰশিক্ষণ শিবিৰ । প্ৰশিক্ষণ প্ৰদান কৰিছে চি এ বি আইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক তনুময় ভৌমিকৰ দৰে অভিজ্ঞ প্ৰশিক্ষকে । এই ৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে অসমৰ দৃষ্টিহীন ক্ৰিকেটৰ ১৩ গৰাকী ছোৱালী খেলুৱৈয়ে । অসমত দৃষ্টিহীন ক্ৰিকেটক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কেয়াৰ ইউ 365 ৰ উদ্যোগত দলটোৱে ইতিমধ্যে জামচেদপুৰত অনুশীলনত ব্যস্ত হৈ পৰিছে । অসমৰ আৰু ঝাৰখণ্ডৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই শিবিৰত অনাগত নাগেশ ট্ৰফীৰ বাবে খেলুৱৈসকলক প্ৰস্তুত কৰা হৈছে । প্ৰশিক্ষন শিবিৰত আজি ঝাৰখণ্ডৰ লগত প্ৰথমখন অনুশীলন মেচত অসমে ৭ উইকেটত জয়লাভ কৰে । ঝাৰখণ্ডই ৬ অভাৰত ২৪ ৰান কৰে আৰু প্ৰত্যুত্তৰত অসমে ৩ উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় । উল্লেখযোগ্য যে অসম দলটোৰ প্ৰশিক্ষক হিচাপে গৈছে ৰাজদ্বীপ ডাকুৱা, টীম মেনেজাৰৰ দায়িত্বত আছে দিবন বৰা আৰু ৱাৰ্ডেনৰ দায়িত্বত আছে প্ৰিয়ংকা কাকতি । আনহাতে, অসম দলটোৰ টীম লিডাৰ হিচাপে আছে সত্যজিৎ শৰ্মা । কেয়াৰ ইউ 365 ৰ সভাপতি তথা ক্ৰিকেট এছচিয়েচন ফৰ দ্য ব্লাইন্ড ইন ইণ্ডিয়াৰ ৰাজ্যিক সমন্বয়ক ভৃগু বৰঠাকুৰে অসমৰ ছোৱালী দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে ।