বৰপেটা,২৩ আগষ্টঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল  নেতৃত্বাধীন আম আদমী পাৰ্টী ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে অসমত। দিন বাগৰাৰ লগে লগে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অব্যাহত আছে আম আদমী পাৰ্টীত যোগদান পৰ্ব ৷ ৰাষ্ট্ৰীয় দল বিজেপি, কংগ্ৰেছ, চিপিআইএমৰ লগতে ৰাজ্যৰ বিভিন্ন আঞ্চলিক দলৰ পৰা বিভিন্নজনে আম আদমী পাৰ্টীত যোগদান কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে ৷ ৰাজ্যৰ অইন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা জিলাতো আম আদমী পাৰ্টীৰ জিলা পৰ্যায়ৰ নেতা-নেত্ৰীয়ে বৰপেটাত আম আদমী পাৰ্টীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দিছে সৰ্বাধিক গুৰুত্ব ৷ অৰবিন্দ কেজৰিয়াল নেতৃত্বাধীন আম আদমী পাৰ্টীৰ শ্লোগান- শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপন ৷ মুখ্যত এই তিনিটা লক্ষ্য আৰু উদ্দেশ্যলৈ ৰাইজৰ মাজলৈ গৈ “দিল্লী মডেল”ৰ কথা ৰাইজৰ মাজত উপস্থাপন কৰি বৰপেটা জিলা আপৰ নেতা নেত্ৰী সকলে জিলাখনত আপৰ ভেটি যথেষ্ট পৰিমাণে শক্তিশালী কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ৷ বিশেষকৈ যুৱ শক্তি আৰু মহিলা শক্তিক আপৰ প্ৰতি আকৃষ্ট কৰিবলৈ বৰপেটা আপে পণ লৈছে ৷ বৰপেটা আপৰ মুখ্য সমন্বয়ক হাদিউল ইছলামৰ তৎপৰতাত বৰপেটা জিলা আপৰ মহিলা শক্তিৰ সমন্বয়িকা স্বপ্না দাস বায়নৰ সহযোগত বৰপেটা আপৰ যুৱ শক্তিৰ আহ্বায়ক ৰাহুল দেবনাথৰ নেতৃত্বত জিলাখনৰ ভিন্ন প্ৰান্তত যুৱশক্তিৰ শ শ লোকক আপ দলত যোগদান কৰাই দলটোৰ ভেটি মজবুত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ সৰভোগৰ ভুলুকাদোবাত বিজেপি আৰু চিপিআইএমৰ প্ৰায় শতাধিক যুৱকক কালি আম আদমী পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰায় ৷ নতুনকৈ যোগদান কৰা লোকসকলক আম আদমী পাৰ্টীৰ টুপি পিন্ধাই দলটোলৈ আদৰণি জনায় দলটোৰ বৰপেটা জিলা নেতৃত্বৰ নেতা নেত্ৰীসকলে ৷