হাটশিঙীমাৰী, ২৩ আগষ্টঃ- ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জৰ সোনাপাৰা গাওঁত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত গৰাখহনীয়াত তিনি শতাধিক পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ লগতে ঐতিহ্যমণ্ডিত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন গৰাখহনীয়াৰ কৱলত পৰাত সচেতন ৰাইজক উদ্ধিগ্ন কৰি তুলিছে৷ উল্লেখযোগ্য যে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ কুশবাৰী, ডাকুৰভিটা, সোনাপাৰা, আমবাৰী, গলাদীঘি, চতলাৰ পাৰ, মাটিফাটা আদি বিস্তীৰ্ণ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰাত গৰাখহনীয়া অব্যাহত আছে। দীৰ্ঘদিনৰ পৰা চলি থকা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত কেবা হেজাৰ পৰিয়ালৰ ঘৰ-বাৰী আৰু হেজাৰ হেজাৰ বিঘা কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। এইবেলিও ইতিমধ্যে তিনি শতাধিক পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে। গৰাখহনীয়াত ভেটি-মাটি সকলো হেৰুৱাই ভুক্তভোগী পৰিয়ালে বিভিন্ন ঠাইত আশ্ৰয় ল’ব লগা হৈছে। আনকি সোনাপাৰা গাওঁত অৱস্থিত অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনো ব্ৰহ্মপুত্ৰ নদীৰ কৱলত পৰি জাহ যোৱাৰ উপক্ৰম হৈছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছৰ দিনত ১৯৪১ চনত স্থাপন কৰা ঐতিহ্যমণ্ডিত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নদীত জাহ গলে বিদ্যালয়খনত অধ্যয়ন কৰা পোন্ধৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হব। ৰাইজে বাৰে বাৰে স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰী, সাংসদ মৌলানা বদৰ উদ্দিন আজমলক অঞ্চলটোৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই আহিছে যদিও বিধায়ক আৰু সাংসদ গৰাকীয়ে স্থায়ী প্ৰতিৰোধৰ আশ্বাস দিয়েই দায়িত্ব সামৰিলে বুলি অভিযোগ উঠিছে। আনকি ৰাইজৰ আকুল আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধুবুৰীৰ জিলা উপায়ুক্তই অঞ্চলটো পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা কুৰি মিটাৰ দূৰত্বত অৱস্থান কৰাত বিদ্যালয়খন গৰাখহনীয়াৰ কৱলৰ ৰক্ষা কৰিবলৈ আশ্বাস দিছে। সেয়ে উপায়ুক্ত গৰাকীৰ কৃপা ওপৰতে নিৰ্ভৰ কৰি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়৷