বৰপেটা, ২৬ আগষ্টঃ অসম চৰকাৰে বন্যাৰ্তক প্ৰদান কৰা চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হ’ল এখন সম্পূৰ্ণ গাঁও । বৰপেটাৰ গজিয়া-মেধীৰটাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাঙাপানী গাঁৱৰ প্ৰায় তিনি শতাধিক প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত পৰিয়ালে নাপালে চৰকাৰী সাহাৰ্য্য । পিছে প্ৰলয়ংকাৰী বানৰ কবলত এই তিনি শতাধিক পৰিয়ালে ঘৰ-বাৰী এৰি আশ্ৰয় ল’বলগীয়া হৈছিল ৰাস্তাৰ দাঁতিত। এই বানৰ প্ৰকোপতে ঘৰ-বাৰীৰো হৈছে বিস্তৰ ক্ষতি। এনে পৰিস্থিতিত অসম চৰকাৰে বন্যাৰ্তলৈ আগবঢ়োৱা চৰকাৰী সাহাৰ্য্য লাভ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে গাঁওখনৰ ৰাইজে। পিছে ৰাইজে নায্য প্ৰাপ্তিৰ বাবে দাবী জনাই জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰও দাখিল কৰিছে বঞ্চিত ৰাইজে।