নেচনেল ডেক্স,২৮ আগষ্টঃ আজি ভাঙি পেলোৱা হ’ল উত্তৰ প্ৰদেশৰ নয়দাত অৱস্থিত চুপাৰটেক টুইন টাৱাৰ। নিমিষতে খহি পৰিল আকাশচুম্বী অট্টালিকা দুটা। টাৱাৰটোৰ উচ্চতা আছিল ১০০ মিটাৰ। যি কুতুব মিনাৰতকৈ ওখ। “ৱাটাৰ ফ্ল ইমপ্লোজন” প্ৰযুক্তিৰে ভৱনটো সুৰক্ষিতভাৱে ভাঙি পেলোৱা হয়। তেওঁ কয় যে এপেক্স টাৱাৰ (৩২ মহলীয়া) আৰু চিয়ান (২৯ মহলীয়া) ৯ ছেকেণ্ডৰ ভিতৰত তাচ পাতৰ দৰে ভাঙি পেলোৱা হ’ল। উল্লেখ্য যে এই টুইন টাৱাৰটো ভাঙিবলৈ মুঠ খৰচ কৰা হয় ২০ কোটি টকা। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতেই এই টাৱাৰ ভঙাৰ সিদ্ধান্ত লোৱা হয়। কেৱল ইমানেই নহয় এই টুইন টাৱাৰত ঘৰ ক্ৰয় কৰা সকলক ঘৰ বুকিং কৰাৰ সময়ৰ পৰা ধৰি ১২ শতাংশ সূতৰ হাৰত টকা ঘূৰাই দিব লাগিব। দুৰ্নীতিৰ আধাৰত নিৰ্মাণ হোৱা এই টাৱাৰ দুটাৰ এপেক্স আৰু চিয়ানৰ উচ্চতা ১০০-৯৪ মিটাৰ। ২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ইয়াক অবৈধ বুলি ঘোষণা কৰিছিল আৰু পিছত বিষয়টো উচ্চতম ন্যায়ালয়লৈ গৈছিল। উচ্চতম ন্যয়ালয়ে পিছত এই টাৱাৰটো ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।