বঙাইগাঁও ৩১আগষ্টঃ বঙাইগাঁও জিলাৰ কাবাইটাৰীস্থিত মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাখনত বঙাইগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। কেইদিনমানৰ পূৰ্বে আৰক্ষীয়ে জেহাদী কাৰ্যকলাপৰ লগত জড়িতৰ অভিযোগত উক্ত মাদ্ৰাছাখনৰ শিক্ষক মুফতি হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত শিক্ষক হাফিজুৰ ৰহমানে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নিশা মাদ্ৰাছাখনৰ চৌহদত অভিযান চলাই চৌহদত থকা কেন্টিনৰ পৰা বহু পৰিমানৰ আপত্তি জনক নথি-পত্ৰ জব্দ কৰে। ইয়াৰ পিছতে কঠোৰ হৈ পৰে জিলা প্ৰশাসন। নিশাই জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত খালী কৰে ছাত্ৰাৱাস যদিও ১৩ গৰাকী দুৰনিবটিয়া ছাত্র মাদ্ৰাছাখনৰ এটি স্থানত নিশাটো পাৰ কৰে।জিলা প্ৰশাসনে উক্ত মাদ্ৰাছাখন ছাত্র সকলৰ বসবাসৰ অনুপোযোগী বুলি কাৰন দৰ্শাই উচ্ছেদৰ জাননী প্ৰেৰন কৰে।জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছত স্থানীয় ৰাইজৰ সহযোগত মাদ্ৰাছাখনৰ কৰ্তৃপক্ষই নিশাই এটি বাসগৃহ ভাঙি পেলায়। ইপিনে আজি পুৱা জিলা প্ৰশাসনে ৮ খন এক্সেভেটৰৰ সহযোগত মাদ্ৰাছাখনৰ দুমহলীয়া ছাত্ৰাবাসৰ লগতে অন্যান্য বাসগৃহ ভাঙি পেলায়। মাদ্ৰাছাখনৰ উচ্ছেদৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
