উত্তৰ গুৱাহাটী, ১ছেপ্তেম্বৰ: সৰ্ব শিক্ষা আঁচণিৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো শিশুকে শিক্ষিত কৰি গঢ়ি তোলাৰ সংকল্প চৰকাৰৰ।ৰাজ কোষৰ হেজাৰ কৌটি ব্যয় কৰা হৈছে সাক্ষৰতাৰ নামত কিন্তু, এই প্ৰচেষ্টাত হেঙাৰ হৈ থিয় দিছে একাংশ কলংকিত শিক্ষক শিক্ষাৰ্থীক পাঠদানত অসমৰ্থ একাংশ শিক্ষকে ওৰহৰ খং ভঙা ঢাৰিত উজাৰি আহিছে । তেনেই এক কাৰণতে উত্তৰ গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰীৰ অমানুষিক নিয্যাতনত অসুস্থ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী সাত বছৰীয়া কনমানি শিক্ষাৰ্থীৰ ক্ষেত্ৰত । কনমানি শিশুটিৰ নিৰ্যাতনৰ চিহ্ন দেখিলে হয়তু আপোনিও চৰকাৰী মাধ্যমৰ বিদ্যালয়ত সন্তানক পঠিয়াবলৈ চিন্তা কৰিব । অভিযোগ অনুসৰি শিক্ষাৰ্থীক বেতেৰে সৰ্বশৰীৰতে কোবাই ছিৰলা ছিৰল কৰিলে এগৰাকী মমতাহীন শিক্ষয়ত্ৰীয়ে । উত্তৰ গুৱাহাটী ৰংমহল ফুলুং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী মিতালী হাজৰিকাই দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থী এগৰাকীক অমানবীয়ভাবে শাস্তি বিহাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ মতে শিক্ষয়ত্ৰীৰ বেত্ৰাঘাটত কনমানি শিক্ষাৰ্থীৰ দেহত তেজৰ চেকুৰা বান্ধিছিল। এগৰাকী শিক্ষয়িত্ৰী কিমান নিষ্ঠুৰ হ’ব পাৰে শুনক।উত্তৰ গুৱাহাটী ফুলূঙৰ প্ৰহ্লাদ কলিতাৰ কন্যা তথা শিক্ষাৰ্থী গৰাকীক শিক্ষয়ত্ৰী মিতালী হাজৰিকাই কেবল নিৰ্যাতনেই চলোৱাই নহয় , দায়িত্ব হীনতাৰো পৰিচয় দিয়াৰো উঠিছে গুৰুতৰ অভিযোগ । অভিযোগ মতে আঘাটপ্ৰাপ্ত স্থানত সপপাঠীৰ শিক্ষাৰ্থীৰ হতুৱাই মৰম সানি পঠিয়ায় দিলে ঘৰলৈ । অবগত কৰা নহল শিশুটিৰ অভিভাকক । বিদ্যালয় খনত এনেধৰণৰে শিক্ষাৰ্থীক নিয্যাতনৰ পুৰ্বেও উঠিছিল অভিযোগ উত্থাপিত হৈছে এইগৰাকী মমতাহীন শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ।মধ্যাহ্ন ভোজন নকৰা শিশুক বেত্ৰাঘাট কৰাৰো অভিযোগ আছে শিক্ষয়ত্ৰী মিতালী হাজৰিকাৰ বিৰুদ্ধে । কিমান নিস্থুৰ তথা অবিবেচক শিক্ষয়ত্ৰী মিতালী হাজৰিকা ,শুনক অভিভাবকৰ মুখেৰে ।শিক্ষয়ত্ৰী মিতালী হাজৰিকাৰ নিয্যাতনৰ বাবে বিদ্যালয়লৈ যাবলৈ অনিচ্ছা শিক্ষাৰ্থীৰ । নিশা ওজাগৰ অনাহাৰে থকা শিশুটিয়ে বিদ্যালয়লৈ নাযায় বুলি কলে অভিভাবকক । এতিয়া বিভাগীয় কৰ্তৃপক্ষক শিক্ষয়ত্ৰী গৰাকীৰ এই অনৈতিক কাৰ্য্যৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণৰ দাবী তুলিছে অভিভাবক তথা স্থানীয় ৰাইজে ।
