মাৰ্ঘেৰিটা, ৩১ আগষ্টঃ মাৰ্ঘেৰিটা নগৰৰ মাজ মজিয়াত থকা চেগুণবাৰী চাহ ফেক্টৰীয়ে দীৰ্ঘ দিন ধৰি একাংশ শ্ৰমিক কৰ্মচাৰীক শোষণ তথা লুণ্ঠন চলাই অহাৰ পিছতো তিনিচুকীয়াস্থিত শ্ৰম বিভাগে ৰহস্যজনক ভাৱে চ’কু মুদা কুলিৰ ভাও দিয়াত ক্ষুণ্ণ হৈ পৰিছে চাহ ফেক্টৰিটোৰ শ্ৰমিক সকল। উথ্বাপিত অভিযোগ মতে ফেক্টৰিটোত মহিলা শ্ৰমিক সকলক ভয় ভাবুকিৰে নিশা দহ এঘাৰ বজা পৰ্যন্ত কামত নিয়োজিত কৰি ৰখা হয় আৰু ফেক্টৰীৰ ভিতৰত অতি উচ্চ ক্ষমতা সম্পন্ন মেচিনৰ কাষত কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ অতি বিপদজনক ভাৱে মহিলা শ্ৰমিক সকল কৰ্মৰত হৈ থাকে। একাশ শ্ৰমিকে অভিযোগ কৰা মতে বছৰ বছৰ ধৰি চাহ ফেক্টৰিটোত কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলৰ কোনো ধৰণৰ ভৱিষ্যতনিধীৰ ব্যৱস্থা নাই। সম্পূৰ্ণ অস্থায়ী ভিত্তিত নিয়োজিত এই সকল শ্ৰমিক কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ থেলি দিয়াৰ ক্ষেত্ৰত জিলা শ্ৰম বিষয়া কাৰ্যালয়ৰ মালিক পক্ষৰ লগত গোপন বুজাবুজিৰ সন্দেহ প্ৰকাশ কৰিছে চাহ ফেক্টৰিটোৰ একাংশ ভুক্তভোগী শ্ৰমিকে।শেহতীয়াকৈ সাধাৰণ এটা বিষয়কে অজুহাত স্বৰূপে লৈ ফেক্টৰি কৰ্তৃপক্ষই শ্ৰমিকক চাটাই কৰি দিয়াৰ ঘটনা প্ৰায়েই সংঘটিত হৈছে। ডিব্ৰুগড়ৰৰ ব্যৱসায়ী গৌতম বেৰীয়া মালিকাধীন চাহ ফেক্টৰীতোত এক প্ৰকাৰৰ অনিয়মৰ ৰাজত্ব চলিছে য’দিও কেইটামান টকা আৰু চাহপাতৰ টোপোলাৰ বিনিময়ত শ্ৰমিকৰ স্বাৰ্থলৈ পিঠি দিছে স্বয়ং শ্ৰম বিষয়াই। শ্ৰম বিভাগৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰা শ্ৰমিক সকলে উপায়বিহীন হৈ জিলা উপায়ুক্তক বিষয়টো দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Home অসম আৰু উত্তৰপূব মাৰ্ঘেৰিটাত চাহ ফেক্টৰীয়ে চলাইছে লুণ্ঠনঃ চ’কু মুদা কুলিৰ ভাওত তিনিচুকীয়াৰ শ্ৰম বিভাগ