নিউজ ডেস্ক, ৩১ আগষ্টঃ আজি জেষ্ঠ্য আই এ এছ বিষয়া পবন কুমাৰ বৰঠাকুৰে মুখ্য সচিব ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰিব । পূৰ্বতে তেঁও ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব আছিল। বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অৱসৰ ল’ব এই দ্বায়িত্বৰ পৰা । ৰাজ্য এখনৰ প্ৰশাসনিক ক্ষেত্ৰত সকলোতকৈ জ্যেষ্ঠ কেডাৰ পদবী হৈছে মুখ্য সচিবৰ পদটো । এই পদত আজি কাৰ্য্যভাৰ গ্ৰহণ কৰিব লগীয়া বৰঠাকুৰ বৰ্তমান ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক আৰু পৰ্য্যটন বিভাগৰো মুখ্য সচিব হোৱাৰ উপৰিও অসম প্ৰশাসনিক ন্যায়াধিকৰণ বিভাগৰ অধ্যক্ষ পদত কৰ্মৰত ।
উল্লেখ্য যে, মুখ্য সচিব পদৰ পৰা অৱসৰ ল’লেও নিৰ্ধাৰিত কাৰ্য্যকালৰ অন্ত নপৰালৈ অসম শক্তি বিতৰণ খণ্ডৰ অধ্যক্ষ ৰূপেই থাকিব জিষ্ণু বৰুৱা ।