মাৰ্ঘেৰিটা, ৩১আগষ্টঃ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তৰ টেকেৰি, ডুৱাগাৱত সংযোগী কুলাজান নৈৰ ওপৰত উপযুক্ত দলং নথকাৰ বাবে বিপদ সংকুল নিতৌ যাতায়ত কৰিবলগীয়া হৈছে বৃহৎ অঞ্চলৰ ৰাইজ।বিদ্যালয়ৰ কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে এক মাত্ৰ দলঙৰে যাতায়ত কৰি আছে যদিও এতিয়া বিপদ সংকুল ভাবে পাৰা পাৰ হ’ব লগীয়া হৈছে বিদ্যালয়লৈ। অঞ্চলটোৰ ৰাইজে উপযুক্ত দলং নথকাত যাতায়ত কৰিবলৈ অসুবিধাৰ সম্মুখীন হব লগা হৈছে। বছৰ ধৰি এনেদৰে পৰিতক্ত অৱস্থাত মৰণ ফাণন্দত যাতায়ত কৰি আহিছে অঞ্চল ৰাইজ তথা বিদালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে । দলঙৰ অভাৱত বেমাৰী নিবলৈও আহিব নোৱাৰে এখন এম্বুলেঞ্চ।বৃহৎ অঞ্চলৰ ৰাইজৰ যাতায়ত কৰাৰ সুবিধাৰ্থে এখন পকী দলঙৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ সচেতন মহলে।