টীয়ক, ৩১ আগষ্টঃ সততে নিকা আৰু স্বচ্ছ ভাবমূৰ্তিৰ শ্লোগান দিয়া বিজেপি শাসনাধীন চৰকাৰৰ নিকা আৰু স্বচ্ছতাৰ ক্ষেত্ৰত যেন ঘূণে ধৰিছে। পৰিবৰ্তনৰ আশা দি শাসনৰ ভাৰ লোৱা চৰকাৰখনৰ সকলো বিভাগত যেন এতিয়া চৰম অৰাজক। হাজাৰ হাজাৰ শিক্ষক নিযুক্তিৰে শিক্ষাখণ্ডৰ আমূল পৰিবৰ্তনৰ সময়তে এইখন অসমৰে এগৰাকী শিক্ষয়িত্ৰীৰ আত্মজাহৰ ভাবুকিৰ ঘটনাই উদঙাইছে শিক্ষা বিভাগৰ প্ৰকৃত পৰিবৰ্তনৰ এখন জীয়া ছবি। শিক্ষা বিষয়াৰ চৰম অমনোযোগিতাৰ বাবেই পশ্চিম চাওঁখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৰ্চনা ফুকন নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে ১৯৯০ চনৰ পৰাই বেতনৰ পৰা বঞ্চিত হৈ অৱশেষত এনে চৰম পন্থা হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে। ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰাদেশিকিকৰণ হোৱাৰ পিছতো শিক্ষয়িত্ৰীগৰাকীৰ নামত থাকি যোৱা বিসংগতিৰ বাবে আজিও প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ আছে অৰ্চনা ফুকন নামৰ শিক্ষয়িত্ৰী গৰাকী। উল্লেখযোগ্য যে শিক্ষয়িত্ৰীগৰাকীৰ উপাধিৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ বিষয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক কোনো গুৰুত্ব নিদিলে শিক্ষা বিষয়াই। এই সম্পৰ্কত ১৭ বাৰ শিক্ষা বিষয়া আৰু ৩ বাৰলৈ শিক্ষামন্ত্ৰীক অনুনয় বিনয় কৰাৰ পিছতো কোনো সুফল নাপাই অৱশেষত আত্মজাহৰ ভাবুকি প্ৰদান কৰে ২৯ বছৰে বেতনৰ পৰা বঞ্চিত শিক্ষয়িত্ৰী গৰাকীয়ে।

Home অসম আৰু উত্তৰপূব উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অৱমাননা শিক্ষা বিভাগৰঃ দীৰ্ঘদিন পাৰিতোষিক নাপাই আত্মজাহৰ ভাবুকি এগৰাকী...