ৰঙিয়া, ২ছেপ্তেম্বৰঃ যোৱানিশা ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙে দহ লক্ষাধিক টকা মূল্যৰ অ’পিয়ামসহ আটক কৰে গাঁও প্ৰধান ধনেশ্বৰ কলিতাক।ইয়াৰ পিছতে ৰঙিয়া থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।বঢ়মপুৰ হাটবজালী, জয়ন্তীপুৰ আদি অঞ্চলৰ ৰাইজে ঘেৰাও কৰে ৰঙিয়া থানা।মহকুমা আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। নিৰ্দোষী লোকক দোষী সজাই হাৰাশাস্তি কৰাৰ অভিযোগ SDPO ৰ বিৰুদ্ধে। নিশাৰ ভাগত মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে গাঁওৰ কোনো লোকক অৱগত নকৰাকৈ গাঁও প্ৰধানৰ ঘৰত প্ৰৱেশ কৰাৰ অভিযোগ।নিচাজাতীয় সামগ্ৰীৰ লগত কোনো পধ্যেই গাঁও প্ৰধান ধনেশ্বৰ কলিতা জড়িত নথকাৰ দাবী পৰিয়াল তথা গাঁওবাসীৰ।গাঁওপ্ৰধান গৰাকীৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ বুলি দাবী কৰি গাঁও প্ৰধান গৰাকীক মুকলি কৰাৰ দাবী তুলিলে গাঁওবাসীয়ে।গাঁও প্ৰধান গৰাকী গাঁওত উপস্থিত নথকাত সমস্যাত পৰিছে এতিয়া বহু লোক।গাঁও প্ৰধান গৰাকীৰ চহী বিচাৰি হাতত নথি-পত্ৰ লৈ থানালৈ আহিল বহু লোক। সম্প্ৰতি গাঁও প্ৰধান গৰাকীৰ মুক্তিৰ দাবী তুলি থানাতেই অৱস্থান কৰি আছে বহু লোকে।৷