লখিমপুৰ, ২ ছেপ্টেম্বৰঃ লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে আজাদ নপমুৱাৰ পৰা কালি এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰে । উল্লেখ যে আজাদ নপমুৱাৰ ভবেন বৰাৰ পুত্ৰ জগদীশ বৰাই দীৰ্ঘদিন বিভিন্ন লোকক নানান প্ৰলোভন দি প্ৰবঞ্ছনাৰে ধন সৰকাই আহিছিল । কৌশলগত ভাবে বিভিন্ন লোকক চাকৰি, ঠিকা আদিৰ নামত লাখ লাখ টকা সৰকাই অহাৰ লগতে ঠিকাৰ বাবদ অধিক লাভ দিয়াৰ আশা দি ঠগি আহিছিল । কালি একাংশ যুৱকে আৰক্ষীৰ সহযোগিতাত যুৱক জনক আজাদত আটক কৰি থানালৈ অনাৰ পাছত আজি তেওঁক জেললৈ প্ৰেৰণ কৰে । প্ৰৱঞ্চক যুৱক জনে বিভিন্ন জনক টকা ঘূৰাই দিয়াৰ নামত ভুৱা চেক প্ৰদান কৰিও ঠগি আহিছিল ।