লখিমপুৰ, ২ ছেপ্টেম্বৰঃ অসমত কোনো ধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্য, জেহাদী কাৰ্যকলাপ চলিবলৈ দিয়া নহব । তাৰ কাৰণে চৰকাৰ যিমান কঠোৰ হব লাগে হব । অসমত এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতবৰ্ষৰ অসম প্ৰান্তত ৰাষ্ট্ৰ বিৰোধী জেহাদী কাৰ্যকলাপত কঠোৰ পদক্ষেপ লোৱা হব ।কৰবাত যদি কোনোবা মাদ্ৰাছা বা অন্যান্য অনুষ্ঠানত ৰাষ্ট্ৰবিৰোধী কাৰ্য কলাপ চলে তাক কঠোৰ হাতেৰে দমন কৰা হব । তাক লৈ কোনে কি বিতৰ্ক কৰে তাক লৈ চৰকাৰে গুৰুত্ব নিদিয়ে । আজি লখিমপুৰত জিলা উপায়ুক্তৰ কাৰ্যজল জীৱন মিছন আৰু স্কিল ডেভলপমেণ্ট বিভাগৰ কামৰ পযালোচনা কৰি সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে কয় -জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেওঁ কয় -আমাৰ অঞ্চলতো বচাব লাগিব । জাতিটোক বচাব লাগিব । এই জাতি ৰক্ষাৰ স্বাৰ্থত আমি জাতিদ্ৰোহী কাম কৰিবলৈ এৰি দিয়া নহব । উল্লেখ যে মন্ত্ৰী গৰাকীয়ে আজি পৰ্যালোচনা বৈঠকত জলজীৱন মিছনৰ কামত অৱহেলা কৰা ঠিকাদাৰ সকলক সকীয়নি দি মিচনৰ পুৰণি কাম অহা ১৫ ছেপ্টেম্বৰৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে যোৱা এবছৰে কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰ সকলক দুমাহৰ সময়সীমা বান্ধি দি কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। অন্যথা জৰিমনা বিহাৰ ব্যৱস্থা কৰিব বুলি সকীয়নি দিয়ে ।মন্ত্ৰী গৰাকীয়ে আজি নাওবৈছাৰ দিজুত জল জীৱন মিচনৰ অধীনত নিৰ্মীয় ১২ খন আঁচনিৰ শুভ উদ্বোধন কৰে । ইফালে আজি আঁচনি উদ্বোধনৰ মুহূৰ্তত অসম সংগীতক লৈ অস্বস্তিত জয়ন্ত মল্ল বৰুৱা। আঁচনি উদ্বোধনৰ সময়ত মঞ্চত অসম সংগীত বজাবলৈ গৈ আধৰুৱা অংশৰ পৰা বাজিল অসম সংগীত।পিছত মঞ্চত উপস্থিত থকা লখিমপুৰৰ বিধায়ক মানৱ ডেকাই অসম সংগীতৰ বেমেজালিৰ কথা ধৰিব পাৰি অৱশেষত সংগীত যন্ত্ৰ বন্ধ কৰি ৰাইজে মিলি পৰিৱেশন কৰে অসম সংগীত।
