নিউজ ডেক্সঃ অহা সোমবাৰে বিমানবন্দৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আনুষ্ঠানিকভাৱে আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বংগবন্ধু-কন্যাগৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব গাৰ্ড অৱ অনাৰ। ৫ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ এই ভ্ৰমণৰ সময়ত একাংশ মন্ত্ৰী, উপদেষ্টা, জ্যেষ্ঠ চৰকাৰী বিষয়াক লৈ এক উচ্চস্তৰীয় প্ৰতিনিধিৰ দলৰ নেতৃত্ব দিব। বাংলাদেশৰ ব্যৱসায়িক সংগঠনসমূহৰ প্ৰতিনিধিয়েও ভ্ৰমণৰ সময়ত সংগ দিব।
জানিব পৰা মতে, শ্বেখ হাছিনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ কৰিব। তেওঁ নৰেন্দ্ৰ মোদীৰ সৈতেও ঐতিহাসিক হায়দৰাবাদ হাউছত দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আয়োজন কৰা ৰাজ্যিক দুপৰীয়াৰ আহাৰত শ্বেখ হাছিনাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা । আনহাতে বিদেশ মন্ত্ৰীৰ লগতে একাংশ গণ্যমান্য ব্যক্তিয়ে দিল্লীত শ্বেখ হাছিনাক সৌজন্যমূলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজে আয়োজন কৰা কেইবাটাও ব্যৱসায়িক অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰাৰ লগতে কেইবাখনো চুক্তি আৰু বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত শ্বহীদ হোৱা আৰু গুৰুতৰভাৱে আহত হোৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ২০০ জন সদস্যৰ বংশধৰক বাংলাদেশ চৰকাৰৰ এক মুজিব বৃত্তি প্ৰদান কৰিব। ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীগৰাকী ঢাকালৈ ঘূৰি আহিব ।
উল্লেখ্য যে, ২০১৯ চনৰ অক্টোবৰ মাহত তেওঁ শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। এই ভ্ৰমণ বাংলাদেশ আৰু ভাৰত উভয়ৰে বাবে তাৎপৰ্যপূৰ্ণ হ’ব বুলি ধাৰণা কৰা হৈছে কাৰণ ইয়াৰ জৰিয়তে দুয়োখন বন্ধু দেশৰ মাজত সহযোগিতাৰ নতুন দুৱাৰ মুকলি হ’ব।