তেলেংগানা, হায়দৰাবাদঃ ১ ছেপ্টেম্বৰ:অলপতে হাইদৰাবাদত দেশৰ বাসকবনীয়া বিশিষ্ট সমাজকৰ্মী আৰু কৃষক নেতাক হাইডৰাবাদৰ মুখ্যমন্ত্ৰীৰ আবাসৰ চৌহদত অৱস্থিত প্ৰগতি ভৱনত আয়োজন কৰা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত টেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰে। অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট চিন্তাবিদ, মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক বিশেষ সন্মান তথা সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে।

স্বয়ং মুখ্যমন্ত্ৰীৰ উদ্যোগত আয়োজন কৰা এক কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত সমাজকৰ্মী আৰু কৃষক নেতাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্রীয়ে দৰিদ্ৰ কৃষক আৰু জনজাতীয় সমাজৰ বিভিন্ন দিশৰ ওপৰত পোনপটীয়াকৈ মত বিনিময় কৰি আলোচনা কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ দৃষ্টিত আজিও পিছপৰা শ্ৰেণীৰ বনুৱা আৰু কৃষকসকলে যি উচিত প্রাপ্য সেইখিনি পোৱা নাই৷ মোৰ ৰাজ্যলৈ এনে দৰিদ্ৰ পিছপৰা লোকৰ বাবে কাম কৰা চেলিব্ৰিটি সমাজ কৰ্মীৰ আগমনে মোৰ নিজৰ বাবেই এক ডাঙৰ কৃতিত্ব আৰু অনুভৱ বুলি তেওঁ ব্যক্ত কৰে। এই বিশিষ্ট নেতাসকলক শক্তিশালী কৰি দেশ আৰু সমাজ আগবাঢ়ি যাব লাগিব। সমাজৰ এই দুখীয়া আৰু পিছপৰা জনগোষ্ঠীবোৰক আপোনালোকৰ দৰে নেতাৰ আৰু অধিক প্ৰয়োজন।
তেওঁলোকৰ সঠিক পথ প্ৰদৰ্শন কেৱল আপোনাসৱৰ যোগেদিহে সম্ভৱ। উল্লেখযোগ্য যে ড০ দিব্যজ্যোতি শইকীয়াই দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি সমাজখনক ভয়, সন্ত্ৰাস, অন্ধবিশ্বাস আৰু ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰাৰ বাবে সুদীৰ্ঘ দুটা দশকজুৰী কাম কৰি আহিছে।
অসম ৰাজ্যৰ পৰা অহা ড০ শইকীয়াৰ সমাজসেৱাই এক বৃহৎ জনসাধাৰণক প্ৰভাৱিত কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় ডঃ শইকীয়া কেৱল এজন সমাজকৰ্মী নহয়, তেওঁ এজন ভাল বক্তা আৰু মানৱ অধিকাৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ নেতাও।
সময়ে সময়ে উত্তৰ-পূবকে ধৰি ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকসকলকো এওঁ সজাগ কৰি ৰাখিছে। আনকি অসমৰ বড়োলেণ্ড অঞ্চলত সংঘটিত হোৱা সামাজিক আৰু ধৰ্মীয় উন্মাদনাতো তেওঁ ৰাইজৰ মাজত গৈ বুজাই শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই আহিছিল।
বহু ঠাইত বাল্যবিবাহৰ কু-সংস্কাৰৰ বিৰুদ্ধেও প্ৰচাৰ চলাই আহিছে , বহু ছোৱালীক এই কুসংস্কাৰৰ পৰা
ৰক্ষা কৰি আহিছে । গ্ৰাম্য অঞ্চলত চিকিৎসা ব্যৱস্থা অধিক টনকিয়াল কৰা আৰু কৃষি বিজ্ঞানীক লগত লৈ কৃষক ৰাইজৰ বাবেও ডঃ শইকীয়াই কাম কৰি আহিছে।আজিও আমাৰ দেশত অন্ধবিশ্বাসত আবদ্ধ হৈ থকা কৃষক, জনজাতি আৰু পিছপৰা সমাজৰ লোকক ডঃ শইকীয়াই প্ৰকৃত জ্ঞানৰ পোহৰ দেখুৱাই সমাজক কুসংস্কাৰৰ পৰা মুক্ত কৰি আহিছে।
১৯৯৯ বর্ষৰ পৰা সামাজিক সংগঠন “Brothaers”ৰ সচিব প্ৰধান হিচাপে সমাজসেৱাত খোজ পেলাই ২০০৯ চনৰ পৰা তেওঁ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত ডাইনী প্ৰথা নিঃশেষ কৰিবৰ বাবে সংগ্ৰাম কৰি আহিছে। উল্লেখযোগ্য যে অসমত এখন ডাইনী কাণ্ড বিৰোধী আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিছিল তেওঁ। অৱশেষত ২০১৫ চনত অসম বিধানসভাই এখন বিধেয়ক গৃহীত কৰে আৰু ২০১৮ চনত এই আইনখন বলবৎ হয়।
বিশেষকৈ মানৱতা আৰু শান্তিৰ বাবে কাম অব্যাহত ৰখাৰ বাবে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ে ড° দিব্যজ্যোতি শইকীয়াক সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰাৰ উপৰি ডঃ দিব্যজ্যোতি শইকীয়াই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত বৰ্তমানলৈ এশতকৈ অধিক বঁটা তথা সন্মান লাভ কৰিছে।