নিউজ ডেক্সঃ”অস্কাৰ-দ্য হস্পিচ কেট”। এই আমেৰিকান মেকুৰীটোৰ মৃত্যুক বুজি পোৱাৰ আচৰিত ক্ষমতা আছিল। আৰু সেইবাবেই এই মেকুৰীটো বিখ্যাত।

অস্কাৰৰ বাসগৃহ আছিল আমেৰিকাৰ ৰোড আইলেণ্ডৰ ষ্টিয়াৰ হাউচ নাৰ্চিং এণ্ড ৰিহেবিলিটেচন চেণ্টাৰত। চিকিৎসালয় আৰু নাৰ্চিং হোমবোৰে কিছুমান ৰোগীয়া ৰোগীক জীৱ-জন্তুৰ, বিশেষকৈ মেকুৰীৰ সংস্পৰ্শলৈ আনি সুস্থ কৰাৰ চেষ্টা কৰে। এই মেকুৰীবোৰক ‘থেৰাপি মেকুৰী’ বোলা হয়। ষ্টিয়াৰ হাউচ নাৰ্চিং এণ্ড ৰিহেবিলিটেচন চেণ্টাৰত থেৰাপি মেকুৰী হিচাপে অস্কাৰ ব্যৱহাৰ কৰা হৈছিল।

২০০৫ চনৰ পৰা অস্কাৰে নাৰ্চিং হোমত বাস কৰি আহিছে। চিকিৎসা কেন্দ্ৰলৈ অনা হৈছিল অস্কাৰকে ধৰি মুঠ ৬টা ‘থেৰাপি মেকুৰী’। তাৰপাছতে ২০০৭ চনলৈকে অস্কাৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল। অস্কাৰৰ কাহিনীটো প্ৰথম পোহৰলৈ আহিছিল নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত ডেভিড ড’ছা নামৰ এজন জেৰিয়াট্ৰিচিয়ানৰ এটা প্ৰবন্ধত।

লেখক ডোছাই দাবী কৰিছিল যে অস্কাৰে ৰোগীৰ মৃত্যুৰ ঘণ্টাৰ আগতেই তেওঁলোকৰ বিচনাত শুইছিল। অৰ্থাৎ এই মেডিকেল চেণ্টাৰৰ কোনোবা কৰ্মচাৰীয়ে যদি অস্কাৰক কোনো ৰোগীৰ বিচনাত শুই থকা দেখিছিল, তেন্তে তেওঁলোকে ধৰি লৈছিল যে ৰোগীৰ মৃত্যুৰ সময় সমাগত। মুঠতে অস্কাৰে ৰোগীৰ মৃত্যুৰ কথা ভৱিষ্যদ্বাণী কৰিব পাৰিছিল। ২০১০ চনত ডোছাৰ মেকিং ৰাউণ্ডছ উইথ অস্কাৰ: দ্য এক্সট্ৰাঅৰ্ডিনেৰী গিফ্ট অৱ এ অৰ্ডিনেৰী কেট নামৰ কিতাপখনত অস্কাৰৰ বিভিন্ন কাৰ্যকলাপৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

সাধাৰণতে সেই চিকিৎসা কেন্দ্ৰত মানসিক ৰোগীৰ চিকিৎসা কৰা হৈছিল। কিন্তু ‘থেৰাপি মেকুৰী’ হিচাপে অনাৰ পিছতো ৰোগীসকলৰ প্ৰতি অস্কাৰৰ আচৰণ একেবাৰেই বন্ধুত্বপূৰ্ণ নাছিল।বেছিভাগ সময় অকলশৰীয়াকৈ আছিল। কোনোবাই ওচৰলৈ টানি আনিবলৈ চেষ্টা কৰিলে সি বিৰক্ত হৈছিল। চিকিৎসালয়ৰ বহু কৰ্মচাৰীয়েও তেওঁক ‘টেম্পাৰড মেকুৰী’ বুলি অভিহিত কৰিছিল। কিছুদিন অসুস্থ হৈ থকাৰ পিছত চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত অস্কাৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১৭ বছৰ। অস্কাৰক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে লক্ষ্য কৰিছিল যে সি প্ৰায়ে যি ৰোগীৰ কাষত শুই ভাল পাইছিল আৰু কেইঘণ্টামানৰ ভিতৰতে সেই ৰোগীৰ মৃত্যু হৈছিল।

এই বিষয়টো প্ৰথমে জোয়ান টেনো নামৰ এজন চিকিৎসকৰ দৃষ্টিগোচৰ হৈছিল। তেওঁ লক্ষ্য কৰে যে ৰোগীসকলৰ মৃত্যুৰ দুঘণ্টা আগতেই অস্কাৰ আহি পৰে।বহুতে অস্কাৰৰ অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰিলেও আন কিছুমানে বিশ্বাস কৰিছিল যে মেকুৰীয়ে ৰোগীৰ গতিবিধি আৰু তেওঁলোকৰ শৰীৰৰ মৃত কোষৰ পৰা নিৰ্গত হোৱা জৈৱৰাসায়নিক পদাৰ্থৰ গোন্ধ পাব পাৰে। আৰু এই গোন্ধ পোৱাৰ পিছতেই অস্কাৰ ৰোগীৰ কাষতে শুবলৈ যায়। চিকিৎসালয়খনৰ চিকিৎসা কৰ্মীসকলে দাবী কৰিছে যে অস্কাৰে ২০১৫ চনলৈকে প্ৰায় ১০০ জন লোকৰ মৃত্যুৰ ভৱিষ্যদ্বাণী কৰিছিল।