নিউজ ডেক্সঃ পাকিস্তানত বানপানীৰ ফলত ১২০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে যদিও লাখ লাখ লোক গৃহহীন হৈ পৰিছে। দেশখনৰ জনসাধাৰণৰ সন্মুখত খোৱা-বোৱা সমস্যাৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, অভিলেখসংখ্যক বাৰিষা বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত ১২০৮ জন লোকে প্ৰাণ হেৰুৱাইছে। মৃত্যু হোৱাসকলৰ ভিতৰত ৪১৬ গৰাকী শিশু আৰু ২৪৪ গৰাকী মহিলা আৰু আহত হৈছে ৬০৮২ জন লোক।তিনি দশকৰ ভিতৰত সৰ্বাধিক বৰষুণ আৰু হিমবাহ গলি যোৱাৰ বাবে দেশৰ এক তৃতীয়াংশ ডুব গৈছে। বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সিন্ধ আৰু বেলুচিস্তান প্ৰদেশ। সমগ্ৰ দেশতে বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।জানিব পৰা মতে, এইবাৰৰ বানপানীক পাকিস্তানৰ ইতিহাসৰ ভিতৰত আটাইতকৈ বিপজ্জনক বানপানী হিচাপে অভিহিত কৰা হৈছে। দেশৰ এক তৃতীয়াংশতকৈ অধিক জনসংখ্যা পানীৰ তলত থাকিবলৈ বাধ্য হৈছে। বানপানীৰ বাবে ইয়াত লাখ লাখ একৰ শস্য নষ্ট হোৱাৰ লগতে সমস্যাটো অধিক গুৰুতৰ হৈ পৰিছে।