মাৰ্ঘেৰিটা ০৬ ছেপ্টেম্বৰঃবীৰ লাচিত সেনা অসমৰ চাৰি সদস্যক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাকলৈ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য । খিলঞ্জীয়াৰ হকে মাত মতাই কাল হ’ল নেকি বীৰ লাচিত সেনা অসমৰ চাৰি সদস্যৰ ?গুৱাহাটীত বীৰ লাচিত সেনাৰ ৪ সদস্যক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাকলৈ উত্তাল ৰাজ্য ।মাৰ্ঘেৰিটাত বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰৰ সন্ধিয়া এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন হৈ যায় ৷ গুৱাহাটীত আটক কৰা বীৰ লাচিত সেনাৰ চাৰিগৰাকীকৈ বিষয়-ববীয়াক মুকলি কৰি দিয়াৰ দাবীত মাৰ্ঘেৰিটাৰ চেগুনবাৰীৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অতিশীঘ্ৰে আৰক্ষীয়ে বীৰ লাচিত সেনা, অসমৰ চাৰিগৰাকী বিষয়-ববীয়াক মোকলাই নিদিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰে । প্ৰতিবাদকাৰী সকলে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
Home অসম আৰু উত্তৰপূব আটকাধীন চাৰি সদস্য মুক্তিৰ দাবীত মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিবাদ বীৰ লাচিত সেনা অসমৰ