জামুগুৰিহাট,৬ ছেপ্তেম্বৰঃ জামুগুৰিহাটৰ ইটাখোলাত নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বিজেপিৰ গাঁও সভাৰ সদস্য জানমণি বৰাক(৪৮) কোনো দুবৃৰ্তই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি নৃশংস ভাৱে হত্যা কৰি পেলাই থৈ যায় মৃতদেহ। চতিয়া থানাৰ অধীনৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ দুই নং ইটাখোলাৰ নৱপুৰ গাঁওৰ এটা পুখুৰীৰ পাৰত ৰক্তাক্ত অৱস্থাত বিজেপিৰ গাঁওসভাৰ সদস্য গৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষী প্ৰশাসনক অৱগত কৰে।ঘটনাস্থলীত চতিয়া আৰক্ষী, ইটাখোলা আৰক্ষীৰ লগতে বিশ্বনাথ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈকে হত্যাকাৰীৰ সুংসূত্ৰ উলিয়াব পৰা নাই। পিছত আৰক্ষীয়ে জানমনি বৰাৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ ইফালে নিশাৰ ভাগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰাৰ লগতে শীঘ্ৰেই আৰক্ষী প্ৰশাসনে হত্যাকাণ্ডৰ লগত জড়িত প্ৰকৃত দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে।