উত্তৰ গুৱাহাটী,৬ ছেপ্তেম্বৰঃ উত্তৰ গুৱাহাটী পৌৰ সভা গঠনৰ চাৰিমাহ উকলাৰ পিছতো জনতাৰ উন্নয়নৰ শপত লোৱা পৌৰ সভাত উন্নয়ন এতিয়ালৈকে শূন্য । পৌৰ সভাৰ পাৰিষদ সকলৰ ক্ষমতাৰ খকত লগা গৃহকন্দল এতিয়া ৰাজহুৱা হৈ পৰিব ধৰিছে । দহটা ৱাৰ্ডেৰে গঠিত উত্তৰ গুৱাহাটী পৌৰ সভাৰ দ্বাৰা সংগৃহিত তথা জমা ধনৰ খেলি মেলিক লৈ ভিতৰচ’ৰাত দুৰ্বাদল কাজিয়া হোৱাৰ কথা চৰ্চিত হৈছে । তাৰে মাজতে চৰকাৰী বিধি ওলাই কৰি পৌৰ সভাৰ একাংশ পাৰিষদে নিজ খুচিমতে ফাৰ্নিচাৰ কিনাৰ নামত ধনৰ শৰাধ প্ৰসংঙ্গই জ্বলা জুইত ঘী ঢালিছে । অতি নিম্নমানৰ টেবুল চকী কেইখনমান আৰু কোঠাৰ পাৰ্টিচনৰ নামত ব্যয় দেখুওৱা হৈছে ১৩ লাখ টকা । যি চকীত কাৰ্যালয়ত প্ৰবেশতে ধৰা পৰিল মামৰৰ । ইফালে পৌৰ সভাখনত ইচ্ছা অনুযায়ী নিযুক্তিৰ প্ৰসঙ্গ ওলোৱাত জাঙোৰ খাইছে পৌৰ সভাৰ একাংশ পৰিষদ তথা ৰাইজ । অৰ্হতাবিহীন লোকক বেআইনী নিযুক্তি দিয়াকলৈ অসন্তুষ্ট একাংশ । উল্লেখ্য যে দুৰ্নীতিৰ বাবেই ইয়াৰ পুৰ্বৰ নগৰ সমিতিখনে চৰ্চা লাভ কৰিছিল । ২০০৯ চনৰ পৰা ২০১৩ বৰ্ষলৈ নগৰ সমিতিৰ হিচাপ নিকাচ বহী হেৰাই যোৱা বুলি আৰ টি আই যোগে জনোৱাৰ পিছতো আজিকোপতি তদন্তৰ ফাইল আগ নাবাঢ়িল বুলি সমালোচনা হৈছে । মুঠতে উত্তৰ গুৱাহাটী পৌৰ সভাৰ চেয়াৰমেন পাৰিষদ এতিয়া ৰাইজৰ সেৱাত নহয় পকেট গৰমতহে ব্যস্ত বুলি অভিযোগ উত্থাপিত হৈছে । যাৰবাবে পৌৰ সভাখনৰ কাম কাজৰ পৰা বিভিন্ন দিশৰ তদন্ত বিচাৰিছে সচেতন ৰাইজে। এতিয়া উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ তদাৰকৰ দায়িত্বত থকা পৌৰ সভাখনৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত কৰিবনে চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে ? নে জানিও নজনাৰ ভাওধৰি দুৰ্নীতিত অভিযুক্ত এই সকল পাৰিষদ , চেয়াৰমেনৰ স্বাৰ্থ সুৰক্ষিত কৰিব সেয়া সময়তহে হব লক্ষ্যনীয় ।