বিজনী,৭ ছেপ্টেম্বৰঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আজি বিষ্ণুপুৰ বজাৰত আজি চুলাই মদ বিক্ৰীৰ বিৰুদ্ধে ২ নং বিষ্ণুপুৰ বজাৰ সমিতিৰ সহযোগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অভিযান চলায় । উল্লেখযোগ্য যে বিষ্ণুপুৰ সমাজ কল্যাণ হাই স্কুলৰ পৰা ১৫০ মিটাৰ দূৰত্বত কিছুমান ব্যাক্তিয়ে চুলাই মদ বিক্ৰী কৰি আছিল । হাইস্কুলৰ ছাত্ৰ -ছাত্ৰী সকলে খবৰ পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে লাঠি লৈ চুলাই মদ বিক্ৰেতা সকলক খেদি পঠিয়াৰ লগতে ৫ বেগ চুলাই মদ জব্দ কৰে। পিছত জব্দকৃত মদ খিনি বিনষ্ট কৰে হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলে ।
Home অসম আৰু উত্তৰপূব বিজনীৰ বিষ্ণুপুৰ বজাৰত চুলাই মদৰ বিৰুদ্ধে বজাৰ সমিতিৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ অভিযান