নিউজ ডেক্সঃ অসমীয়া প্ৰতিদিন ‘ কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক ৭ ছেপ্তেম্বৰৰ নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে একাংশ দূবৃত্তই আক্ৰমণ কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি আজি ৰাজ্যজুৰি জাফাই সাংবাদিক নিগ্ৰহৰ এই ঘটনাৰ প্ৰতিবাদত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিয়েও সাংবাদিকগৰাকীক কৰা আক্ৰমণৰ ঘটনাটোক গৰিহণা দি ঘটনাৰে জড়িত সকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে।উল্লেখ্য যে, গুৱাহাটীৰ চান্দমাৰী থানাৰ অন্তৰ্গত কমাৰ্চ পইন্টত নিশা সংঘটিত অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক এদল দুৰ্বৃত্তই নিশা আক্ৰমন কৰে। দুৰ্বৃত্তৰ দলৰ আক্ৰমণত তেওঁ মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন স্থানত আঘাত পায়। আৰক্ষীয়ে খেদি গৈ দুৰ্বৃত্তৰ দলটোৰ দুজনক গ্ৰেপ্তাৰ কৰে। যদিও চানমাৰি আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত নোহোৱাত আজি সংবাদিক সংগঠনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি দাবী জনাইছে।আনহাতে সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত দোষী যাতে সাৰি নাযায় তাৰ বাবে আৰক্ষীক নিৰপেক্ষ ভূমিকা পালন কৰাৰ বাবেও বিবৃতি যোগে দাবী জনাইছে জাফা, কামৰূপ মহানগৰ জিলা সমিতিয়ে ।